দৰং জিলাৰ এটা দলবদ্ধ ধৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে। এই ঘটনাৰ চিকাৰ হৈছিল এগৰাকী দিব্যাংগ কিশোৰী। যি এতিয়া গৰ্ভৱতী। ঘটনাটো পোহৰলৈ অহাৰ পিছত এতিয়া কিশোৰীগৰাকীৰ মাতৃয়ে বিচাৰিছে ন্যায়। দিনহাজিৰা কৰি জীৱন নিৰ্বাহ কৰা পৰিয়ালটোৰ দিব্যাংগ কিশোৰীগৰাকী আজি প্ৰায় কেইমাহমান আগেয়ে বলি হৈছিল দলবদ্ধ ধৰ্ষণৰ।
অসমৰ দৰং জিলাৰ খাৰুপেটিয়া আৰক্ষী থানাৰ অন্তৰ্গত মোল্লাপাৰা অঞ্চলৰ বাসিন্দা দিব্যাংগ নাবালিকাগৰাকীৰ প্ৰতি হোৱা এই অন্যায়ৰ ন্যায়প্ৰাপ্তিৰ বাবে প্ৰাৰ্থনা জনাইছে বিধৱা মাতৃয়ে।
উল্লেখ্য, এই বিষয়ে ভয়তে নাবালিকগৰাকীয়ে তেওঁৰ মাতৃক জনোৱা নাছিল। কিন্তু শেহতীয়াকৈ ১৩ বছৰীয়া কিশোৰীগৰাকীৰ শৰীৰৰ কিছু লক্ষণ দেখি মাতৃৰ সন্দেহ উপজিছিল আৰু পিছত গম পোৱা যায় তেওঁ গৰ্ভৱতী।
আনহাতে এই বিষয়ত চাইল্ডলাইনৰ ফালৰ পৰা জনোৱা মতে, চাৰি নাবালক সন্তানৰ বিধৱা মাতৃগৰাকীয়ে ঘটনাটোক লৈ ন্যায় আশা কৰিছে আৰু এই ঘটনাক লৈ চাইল্ডলাইনৰ আগত নিজৰ অসহায় পৰিস্থিতিৰ বিষয়ে প্ৰকাশ কৰে।
এই সন্দৰ্ভত ইতিমধ্যে খাৰুপেটিয়া আৰক্ষী থানাত ৩জন স্থানীয় যুৱক মিনাৰুল, আনচাৰী আৰু মাফিজৰ বিৰুদ্ধে নাবালিকগৰাকীক দলবদ্ধভাৱে বলাৎকাৰ কৰাৰ অভিযোগ উত্থাপন কৰি এখন এজাহাৰ দাখিল কৰা হৈছে। এইক্ষেত্ৰত পকচো আইনৰ অধীনত এটা গোচৰ (নং 388/2021) পঞ্জীয়ন কৰা হয়।
অভিযোগ মতে, এটা বেকাৰীত মাতৃক সহায় কৰাৰ বাবে গৈ উভতি অহাৰ পথত উক্ত অভিযুক্ত যুৱকে তেওঁক দলবদ্ধভাৱে ধৰ্ষণ কৰে। কিন্তু লজ্জা আৰু ভয়তে এই কথা লুকুৱাই ৰাখিছিল কিশোৰীগৰাকীয়ে। এইক্ষেত্ৰত এতিয়া ৰাজ্যৰ চৰকাৰৰ প্ৰতি সহায়ৰ বাবে অনুৰোধ জনাইছে বিধৱা মাতৃগৰাকীয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|