• Home
  • »
  • News
  • »
  • assam
  • »
  • জালুকবাৰীৰ ৰাজপথত পৌৰ নিগমৰ শৌচালয়ৰ নিৰ্গত পানীত বিনষ্ট সামাজিক পৰিৱেশ

জালুকবাৰীৰ ৰাজপথত পৌৰ নিগমৰ শৌচালয়ৰ নিৰ্গত পানীত বিনষ্ট সামাজিক পৰিৱেশ

পৌৰ নিগমৰ ৰাজহুৱা শৌচাগাৰৰ লেতেৰা পানী নিতৌ ৰাজপথত ব'ব ধৰিছে যিয়ে দুৰ্গন্ধৰ সৃষ্টি কৰিছে

পৌৰ নিগমৰ ৰাজহুৱা শৌচাগাৰৰ লেতেৰা পানী নিতৌ ৰাজপথত ব'ব ধৰিছে যিয়ে দুৰ্গন্ধৰ সৃষ্টি কৰিছে

পৌৰ নিগমৰ ৰাজহুৱা শৌচাগাৰৰ লেতেৰা পানী নিতৌ ৰাজপথত ব'ব ধৰিছে যিয়ে দুৰ্গন্ধৰ সৃষ্টি কৰিছে

  • Share this:
জালুকবাৰীত গুৱাহাটী পৌৰ নিগমৰ চৰম দায়িত্বজ্ঞানহীন কাণ্ড পৰিলক্ষিত হৈছে। পৌৰ নিগমৰ ৰাজহুৱা শৌচাগাৰৰ লেতেৰা পানী নিতৌ ৰাজপথত ব'ব ধৰিছে যিয়ে দুৰ্গন্ধৰ সৃষ্টি কৰিছে। মহানগৰীৰ জালুকবাৰী উৰণীয়া সেঁতুৰ তলত থকা পৌৰ নিগমৰ এটা 'মূল্যৰ বিনিময়ত ব্যৱহাৰ্য' শৌচাগাৰটোৰ পৰা লেতেৰা পানী নিৰ্গত হৈ মূল ৰাজপথত পৰে। শৌচালয়ৰ এই দুৰ্গন্ধময় পানীয়ে পৰিৱেশ বিনষ্ট কৰিছে অঞ্চলটোৰ যাৰবাবে উত্তৰ-পূৱৰ দুৱাৰমুখস্বৰূপ জালুকবাৰী উৰণীয়া সেঁতুৰ তলত এতিয়া কদৰ্যময় পৰিৱেশৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে, এই পৰ্যন্ত কানসাৰ নাই পৌৰ নিগম কৰ্তৃপক্ষৰ। এইক্ষেত্ৰত পৌৰ নিগম কৰ্তৃপক্ষক অৱগত কৰিও কোনো সুফল নোপোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। লগতে দায়িত্ববাহী সংস্থাৰ বিৰুদ্ধে ক্ষোভ উজৰাৰ ৰগতে অতি শীঘ্ৰেই গুৱাহাটী পৌৰ নিগমক ব্যৱস্থা গ্ৰহণৰ কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি