মুখ্যপৃষ্ঠা »খবৰ »অসম »কলেজত নামভৰ্তিৰ ক্ষেত্ৰত মাচুল লোৱাত বাধা আৰোপ, উচ্চ শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশনা

কলেজত নামভৰ্তিৰ ক্ষেত্ৰত মাচুল লোৱাত বাধা আৰোপ, উচ্চ শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশনা

অনলাইন নামভৰ্তিৰ ক্ষেত্ৰত কিছুসংখ্যক মহাবিদ্যালয়ে মাচুল নিৰ্ধাৰণ কৰা দৃষ্টিগোচৰ হোৱাত এই নিৰ্দেশ।

অনলাইন নামভৰ্তিৰ ক্ষেত্ৰত কিছুসংখ্যক মহাবিদ্যালয়ে মাচুল নিৰ্ধাৰণ কৰা দৃষ্টিগোচৰ হোৱাত এই নিৰ্দেশ।

অনলাইন নামভৰ্তিৰ ক্ষেত্ৰত কিছুসংখ্যক মহাবিদ্যালয়ে মাচুল নিৰ্ধাৰণ কৰা দৃষ্টিগোচৰ হোৱাত এই নিৰ্দেশ।

  • Share this:

নামভৰ্তিৰ ক্ষেত্ৰত পঞ্জীয়ন মাচুল লোৱাত বাধা আৰোপ কৰিছে ৰাজ্য চৰকাৰে। এক জৰুৰী নিৰ্দেশ জাৰি কৰা হৈছে উচ্চ শিক্ষা সঞ্চালকালয়ৰ ফালৰ পৰা।


উচ্চ শিক্ষা সঞ্চালক ডি কে মিলিয়ে ৰাজ্যৰ সকলো প্ৰাদেশীকৃত কলেজ, পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, চৰকাৰী মডেল মহাবিদ্যালয়ৰ অধ্যক্ষলৈ জাৰি কৰা নিৰ্দেশ অনুসৰি অনলাইন নামভৰ্তিৰ বাবদ কোনো মাচুল নিৰ্ধাৰণ কৰাটো বাৰণ কৰা হৈছে।


মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক, স্নাতকৰ অনলাইন নামভৰ্তিৰ ক্ষেত্ৰত কিছুসংখ্যক মহাবিদ্যালয়ে মাচুল নিৰ্ধাৰণ কৰা দৃষ্টিগোচৰ হোৱাত এই নিৰ্দেশ জৰুৰী ৰূপে অভিহিত কৰি এইক্ষেত্ৰত মহাবিদ্যালয়সমূহৰ অধ্যক্ষক সচেতন কৰি দিয়া হৈছে।


উল্লেখ্য, হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাৰ পিছতে মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে ইতিমধ্যে শিক্ষাৰ্থীসকল সাজু হোৱাৰ লগতে কলেজসমূহে যাৱতীয় প্ৰস্তুতি চলাই আছে।

শেহতীয়া বাতৰি