দীৰ্ঘদিনৰ অন্তত দিপৰ বিললৈ আহিল ভাল খবৰ। আৰু কেইমাহমানৰ পিছতে হয়টো আপুনি দিপৰ বিলৰ বুকুত কৰিব পাৰিব নৌকা বিহাৰ আৰু নৈশ যাপন। অসম চৰকাৰৰ উত্তৰণ আঁচনিৰ ১০কোটি, পৰ্যটন বিভাগৰ ৫কোটি আৰু মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা ৪কোটি মুঠ ১৯কোটি টকা ইতিমধ্যে দিপৰ বিলৰ পৰ্যটন উন্নয়নৰ বাবে অনুমোদন জনোৱা হৈছে। কিন্তু বন বিভাগ আৰু বন্যপ্ৰাণী সংৰক্ষণ বিভাগৰ বাধাৰ বাবে অনুমোদন হৈ থকা ধন ইমান দিনে কাৰ্যকৰী হোৱা নাছিল। কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে বুধবাৰে পৰ্যটন মন্ত্ৰী বিমল বৰাই বন,বন্য প্ৰাণী সংৰক্ষণ আৰু পৰ্যটন বিভাগৰ শীৰ্ষতম বিষয়াৰ সৈতে এই সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠকত ভাগ লয়।
এই বৈঠকত বন আৰু বন্য প্ৰাণী সংৰক্ষণ বিভাগৰ সন্মতি মৰ্মে দিপৰ বিলক পৰ্যটনৰ আকৰ্ষণস্থলী হিচাপে গঢ় দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। বৈঠকৰ সিদ্ধান্ত অনুযায়ী দিপৰ বিলৰ বুকুত প্ৰায় ১০০খন House boat আৰু উন্নত মানদণ্ডৰ নৌকা বিহাৰৰ ব্যৱস্থা কৰা হ'ব বুলি জানিবলৈ দিছে বিভাগটোৱে।
গুৱাহাটীৰ মাজ-মজিয়াতে অৱস্থিত দিপৰ বিলখনক এখন উন্নত মানদণ্ডৰ পৰ্যটনস্থলী হিচাবে গঢ় দিবলৈ চেষ্টা চলাই অহা হৈছিল যদিও বন বিভাগৰ বাধাৰ বাবে ফলপ্ৰসূ হৈ উঠা নাছিল।কিন্তু আজি এই বৈঠকৰ সিদ্ধান্তৰ পিছত দিপৰ বিলৰ পৰ্যটনৰ ক্ষেত্ৰত এক আশাৰ বতৰা কঢ়িয়াই আনিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|