বন্দুক এৰি ৰাজনীতিত যোগ দিয়া সাংসদ হৰেন ছিং বে’ৰ নতুন ৰূপ, চাওক Video

News18 Assam | News18-Assam
Updated:February 9, 2020, 1:02 PM IST
বন্দুক এৰি ৰাজনীতিত যোগ দিয়া সাংসদ হৰেন ছিং বে’ৰ নতুন ৰূপ, চাওক Video
অত্যন্ত ব্যস্ত ৰাজনৈতিক জীৱনত আজৰি সময় পালেই সংগীতৰ আনন্দ উপভোগ কৰে সাংসদ হৰেনছিং বে’ই।

অত্যন্ত ব্যস্ত ৰাজনৈতিক জীৱনত আজৰি সময় পালেই সংগীতৰ আনন্দ উপভোগ কৰে সাংসদ হৰেনছিং বে’ই।

  • Share this:
ব্যতিক্ৰমী ৰূপত ডিফু সমষ্টিৰ বিজেপি সাংসদ হৰেনছিং বে’। একালৰ উগ্ৰপন্থী সংগঠন ইউপিডিএছৰ মুৰব্বী হৰেনছিং বে’ ওৰফে চাইডিং এ বৃহস্পতিবাৰে দেখা গ'ল এক ব্যতিক্ৰমী ৰূপত। এসময়ত মাৰণাস্ত্ৰ হাতত তুলি সংগ্ৰাম কৰা হৰেনছিং বে’ পৰৱৰ্তী সময়ত ৰাজনীতিত যোগ দি তেওৰ উদাত্ত ভাষণেৰে সকলোকে মোহিত কৰিছিল। সেইগৰাকী হৰেনছিং বে’ক বৃহস্পতিবাৰে দেখা গ’ল এগৰাকী গায়কৰ ৰূপত।

ৰাজনীতিত খোজ দিয়েই প্ৰথমেই পৰিষদৰ ৰংখাং সমষ্টিৰ পৰা বিৰোধী সদস্য হিচাপে নিৰ্বাচিত হৈছিল। পিছলৈ শাসকীয় বিজেপি দলৰ টিকটত ৰংখাং সমষ্টিৰ পৰা জয়লাভ কৰি পৰিষদৰ অধ্যক্ষ হোৱাৰ পিছত গড়কাপ্তানী বিভাগৰ কাৰ্যবাহী সদস্যও হৈছিল। একেটা কাৰ্যকালতে অধ্যক্ষ আৰু গড়কাপ্টানী বিভাগৰ দায়িত্ব পোৱা হৰেন বে’ বিগত লোকসভা নিৰ্বাচনত ডিফু সমষ্টিৰ পৰা বিজেপিৰ টিকট লাভ কৰি জয়লাভেৰে সাংসদ হৈছিল।

অত্যন্ত ব্যস্ত ৰাজনৈতিক জীৱনত আজৰি সময় পালেই সংগীতৰ আনন্দ উপভোগ কৰে সাংসদ হৰেনছিং বে’ই। বৃহস্পতিবাৰে  সতীৰ্থ কাৰ্যবাহী সদস্য মংগলছিং তিমুঙৰ পুত্ৰৰ বিবাহ অভ্যৰ্থনাত গীত পৰিবেশন কৰি সকলোকে আনন্দিত কৰে হৰেনছিং বে’ই।

আৰু চাওক
পৰৱৰ্তী বাতৰি