মুখ্যপৃষ্ঠা »খবৰ »অসম »Positive Story: Coronaৰ সময়তে ডিফুত মানৱতাৰ জয়গান... নিতৌ প্ৰায় ৫০গৰাকী গৃহহীন লোকক নৈশ আহাৰ যোগান ধৰি আহিছে এটা ১১জনীয়া দলে...

Positive Story: Coronaৰ সময়তে ডিফুত মানৱতাৰ জয়গান... নিতৌ প্ৰায় ৫০গৰাকী গৃহহীন লোকক নৈশ আহাৰ যোগান ধৰি আহিছে এটা ১১জনীয়া দলে...

ক'ৰোণা সংকটৰ মাজত ডিফুত মানৱতাৰ জয়গান। গৃহহীন ভোকাতুৰ লোকক অন্ন, বিগত ১০ দিন ধৰি প্ৰদান কৰি আহিছে নৈশ আহাৰ। নিজা খৰচত নিতৌ ৫০ গৰাকী অসহায় লোকক নৈশ আহাৰ।

ক'ৰোণা সংকটৰ মাজত ডিফুত মানৱতাৰ জয়গান। গৃহহীন ভোকাতুৰ লোকক অন্ন, বিগত ১০ দিন ধৰি প্ৰদান কৰি আহিছে নৈশ আহাৰ। নিজা খৰচত নিতৌ ৫০ গৰাকী অসহায় লোকক নৈশ আহাৰ।

ক'ৰোণা সংকটৰ মাজত ডিফুত মানৱতাৰ জয়গান। গৃহহীন ভোকাতুৰ লোকক অন্ন, বিগত ১০ দিন ধৰি প্ৰদান কৰি আহিছে নৈশ আহাৰ। নিজা খৰচত নিতৌ ৫০ গৰাকী অসহায় লোকক নৈশ আহাৰ।

  • Share this:
অতিমাৰী ক'ৰোণাৰ বিৰুদ্ধে মানৱ সমাজৰ যুঁজ আজিও অব্যাহত । পিছে আৰু কিমান দিনলৈ অব্যাহত থাকিব এই যুঁজ...এই সময়ত তাৰ নাই কোনো নিশ্চয়তা । বিপৰীতে ক'ৰোণাসৃষ্ট সংকটে বহুতৰ জীৱনলৈ নমাই আনিছে ঘোৰ অমানিশা । বিশেষকৈ বাটে-পথে নিশা কটোৱা গৃহহীন লোকসকল এতিয়া খুবেই অসহায় । সান্ধ্য আইনৰ বাবে এওঁলোকে পেটৰ ভাত-মুঠিও যোগাৰ কৰিবলৈও সম্প্ৰতি অসুবিধা হৈছে । যি কথা মৰ্মে-মৰ্মে উপলদ্ধি কৰি ক'ৰোণাসৃষ্ট এই সংকটকালত স্বেচ্ছাই ডিফুত ওলাই আহিছে এহাল সু-হৃদয়ৱান দম্পতীৰ লগতে আন কেবাজনো যুৱক-যুৱতী ।

কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফু আৰু ইয়াৰ সংলগ্ন এলেকাত এই ক'ভিড কালত অনাহাৰে থকা গৃহহীন লোকক স্বেচ্ছাই আহাৰ যোগান ধৰিবলৈ ওলাই আহিছে সুহৃদ গোপাল ৰংচেহন আৰু তেওঁৰ পত্নী বন্দনা দাস, স্থানীয় এদল সুহৃদৱান যুৱক-যুৱতী ক্ৰমে পবী ৰংচেহনপী, আল্পনা ব্ৰহ্ম, দীপজন বৰদলৈ, পিনপো টেৰণ, গুলচন ইংতি, মমতা কুমাৰী,  এন্দ্ৰিউ হাঞ্চে, বিনং টেৰণ আৰু আৰচেলিন তেৰণপী । ক'ৰোণাকালীন এই সংকটৰ সময়ত ডিফুত মানৱতাৰ জয়গান আওৰোৱা এই হৃদয়ৱান যুৱক-যুৱতী তথা পুৰুষ-মহিলাৰ ১১ জনীয়া সৰু দলটোৱে ডিফুৰ বিৰলাৰ পৰা আৰম্ভ কৰি ডিফুৰ ৰে'লৱে ষ্টেচনত নিশা কটোৱা  এইসকল গৃহহীন ভোকাতুৰ লোকক বিগত ১০ দিন ধৰি প্ৰদান কৰি আহিছে নৈশ আহাৰ ।

সম্পূৰ্ণ নিজা খৰচত ডিফুৰ এইকেইজন সুহৃদয়ৱান লোকে নিতৌ ৫০ গৰাকী এনে অসহায় লোকক সম্পূৰ্ণ ক'ভিড প্ৰট'ক'ল মানি যোগান দি আহিছে নৈশ আহাৰ । কমেও ২২ জুন পৰ্যন্ত এওঁলোকে এইসকল অসহায় লোকক এনেদৰে নৈশ আহাৰ যোগান ধৰি যাব বুলি আমাক দলটোৰ সদস্যসকলে জনায়। নিশ্চিতভাৱে ক'ৰোণাকালীন এনে সংকটৰ সময়ত ডিফুৰ ১১ জনীয়া সুহৃদয়ৱান যুৱক-যুৱতী তথা পুৰুষ-মহিলাৰ এই দলটোৰ এনে বদান্যতা নিতান্তই এক ইতিবাচক খবৰ ।

শেহতীয়া বাতৰি