শীঘ্ৰে বিবাহপাশত আবদ্ধ হ’ব সদৌ অসম ছাত্ৰ সন্থাৰ সদ্য পদত্যাগী সভাপতি দীপাংক নাথ। অহা ১৫ ডিচেম্বৰত বিয়া আছু নেতা দীপাংক নাথৰ। সেয়ে বিবাহৰ পূৰ্বে আছু এৰিলে সভাপতি দীপাংক নাথে।
খবৰ অনুসৰি, গুৱাহাটীৰ এগৰাকী অধ্যাপিকাৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব দীপাংক নাথ। নিজৰ ঘৰখন ধৰি ৰাখিবলৈ, পিতৃ–মাতৃৰ প্ৰবল হেঁচাত বিয়াত বহিবলৈ মত দিলে দীপাংক নাথে।
গোৱালপাৰা জিলা বাকাইটাৰীৰ নিজ জন্মগাঁৱতে বিবাহ অনুষ্ঠিত কৰা হ’ব যদিও গুৱাহাটীতো আয়োজন কৰা হ’ব বিবাহৰ কিছু কাৰ্য। আৰু কেইটামান দিনৰ পিছতে দৰাৰ সাজত দেখা যাব দীপাংক নাথক।
অৱশ্যে দীপাংক নাথৰ কইনা কোন হ’ব সেয়া এতিয়ালৈ সঠিকভাৱে জানিব পৰা হোৱা নাই। দীপাংক নাথেও এই সন্দৰ্ভত কোনো তথ্য এতিয়ালৈ সদৰি কৰা নাই।
উল্লেখযোগ্য যে বৃহস্পতিবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আছুৰ মুখ্য কাৰ্যালয়ত আয়োজিত জৰুৰী কাৰ্যনিৰ্বাহকত আছুৰ সভাপতি পদৰ পৰা পদত্যাগ কৰে দীপাংক নাথে। একান্ত ব্যক্তিগত কাৰণত এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি সদৰি কৰে দীপাংক নাথে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|