‘সকলোৱে ভাবিছিল এয়া জাতীয় দলিল হ'ব। কিন্তু নিজৰ স্বাৰ্থ সিদ্ধি নোহোৱাৰ বাবে চৰকাৰে অনীহা প্ৰকাশ কৰিছে।’
‘সকলোৱে ভাবিছিল এয়া জাতীয় দলিল হ'ব। কিন্তু নিজৰ স্বাৰ্থ সিদ্ধি নোহোৱাৰ বাবে চৰকাৰে অনীহা প্ৰকাশ কৰিছে।’
NRCক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ আছুৰ সভাপতি দীপাংক নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ। দীপাংক নাথে কয় যে NRCত কিছুসংখ্যক বিদেশীৰ নাম অন্তৰ্ভুক্ত হৈছে। NRC প্ৰক্ৰিয়া চলি থাকোতে কাম-কাজত চৰকাৰে বিধি-পথালি দিছিল। ত্ৰুটি ৰৈ যোৱা বাবে শুদ্ধ ৰূপত NRC প্ৰকাশৰ আহ্বান জনাই আছিলো। OI বুলি অন্তৰ্ভুক্ত মানুহখিনিক বাদ দি বাকী থকাবোৰ তন্ন তন্নকৈ পৰীক্ষা কৰিলে ভুলবোৰ ওলালেহেঁতেন। উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিলো যদিও কোভিডসৃষ্ট পৰিৱেশৰ বাবে ন্যায়ালয়ত উঠা নাই। জাতি–মাতি–ভেটিৰ নাম লৈ গঠিত চৰকাৰখনৰ এয়া অনীহা। চৰকাৰৰ এই সমগ্ৰ বিষয়টো লৈ কোনো মনোযোগ নাই। খিলঞ্জীয়াৰ নাম বাদ পৰা আৰু বিদেশীৰ নাম অন্তৰ্ভুক্ত হৈছে চৰকাৰৰ অনীহাৰ বাবে। অসমীয়া জনসাধাৰণৰ স্বাৰ্থত ন্যায়ালয়ে ৰায় দিব বুলি আমি বিশ্বাসী। নতুন সমন্বয়কগৰাকীয়েও কোনো কাম কৰিব পৰা নাই।
এই সন্দৰ্ভত লুৰিণজ্যোতি গগৈয়ে ক’লে – ‘সকলোৱে ভাবিছিল এয়া জাতীয় দলিল হ'ব। কিন্তু নিজৰ স্বাৰ্থ সিদ্ধি নোহোৱাৰ বাবে চৰকাৰে অনীহা প্ৰকাশ কৰিছে। অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ প্ৰতি কোনো চিন্তা নাই। NRCক কেৱল ৰাজনৈতিক অচিলা হিচাপেহে ব্যৱহাৰ কৰি আহিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|