গুৱাহাটীৰ তৰুণ নগৰৰ দীনেশ ওজা পথ কণ্টেইনমেণ্ট জ’ন ঘোষণা

News18 Assam | News18-Assam
Updated:May 23, 2020, 11:29 PM IST
গুৱাহাটীৰ তৰুণ নগৰৰ দীনেশ ওজা পথ কণ্টেইনমেণ্ট জ’ন ঘোষণা
পথটো কণ্টেইনমেণ্ট জ’নৰূপে ঘোষণা কৰাৰ ফলত পথটোত অত্যাৱশ্যকীয় সকলো সামগ্ৰী, জৰুৰী সেৱাসমূহ জিলা প্ৰশাসনে যোগান ধৰিব।

পথটো কণ্টেইনমেণ্ট জ’নৰূপে ঘোষণা কৰাৰ ফলত পথটোত অত্যাৱশ্যকীয় সকলো সামগ্ৰী, জৰুৰী সেৱাসমূহ জিলা প্ৰশাসনে যোগান ধৰিব।

  • Share this:
বুধবাৰে নেমকেয়াৰ হাস্পতালত ৰাজু ৰয় নামৰ লোকজনৰ গাত কোভিড–১৯ৰ অৱস্থিত ধৰা পৰাৰ পিছতে গুৱাহাটীৰ তৰুণ নগৰৰ দীনেশ ওজা পথক কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে। আজি পুৱা কামৰূপ মহানগৰ জিলা প্ৰশাসনে পথটো কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে।

কোৰোণাত আক্ৰান্ত লোকজন উক্ত পথটোৰ এটা ঘৰত ভাৰাতীয়া হিচাপে আছিল। হিন্দুস্তানী কেন্দ্ৰীয় বিদ্যালয়ৰ সমীপৰ এঘৰত ভাৰাতীয়া হিচাপে আছিল বুলি জানিব পৰা গৈছে। পথটো কণ্টেইনমেণ্ট জ’নৰূপে ঘোষণা কৰাৰ ফলত পথটোত অত্যাৱশ্যকীয় সকলো সামগ্ৰী, জৰুৰী সেৱাসমূহ জিলা প্ৰশাসনে যোগান ধৰিব। ১৪ দিন সেই পথটোত প্ৰৱেশ আৰু প্ৰস্থান বন্ধ কৰিছে প্ৰশাসনে।

ইয়াৰ পূৰ্বে মহানগৰীৰ নুনমাটিৰ গোপাল নগৰৰ ভূপেন হাজৰিকা পথ,  ৰুক্মিণী নগৰৰ জিৰণী পথ, ফাঁচী বজাৰৰ আলুপট্টি, কুমাৰপাৰা, ফটাশিলৰ জি এছ কলনী, পাণবজাৰ ৰে’লৱে কলনী, দঁতালপাৰা আদি এলেকা ইতিমধ্যে কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছিল জিলা প্ৰশাসনে।

এতিয়ালৈ আঠগাঁও কবৰস্থান, আঞ্চলিক দন্ত মহাবিদ্যালয়ৰ ছোৱালী আৱাস, চানমাৰি অমিয় নগৰ, বি বৰুৱা ককৰ্ট প্ৰতিষ্ঠানৰ আৱাসিক এলেকা আদিৰ পৰা ইতিমধ্যে কণ্টেইনমেণ্ট জ’ন উঠাই লৈছে মহানগৰ জিলা প্ৰশাসনে। উল্লেখযোগ্য যে গুৱাহাটী পৌৰ নিগমৰ তত্বাৱধানত পানীৰ মেচিন মেৰামতিৰ কামত জড়িত আছিল ৰাজু ৰয়।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading