উজানবজাৰ হত্যাকাণ্ডৰ ৰহস্য ভেদ হোৱা নাই। ঘটনাত এই পৰ্যন্ত গ্ৰেপ্তাৰ হোৱা নাই অপৰাধী ৷ ইতিমধ্যে ঘটনাই ২৪ ঘণ্টা অতিক্ৰম কৰিলে ৷ তাৰ পাছতো তদন্তকাৰী আৰক্ষীয়ে দোষীক কাৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই ৷ আৰক্ষীৰ এনে ভূমিকাৰ বিৰুদ্ধে সৰৱ উজান বজাৰ স্থানীয় ৰাইজ ৷
বৃহস্পতিবাৰে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীৰ দাবী, ফাষ্টট্ৰেক আদালতৰ জৰিয়তে দোষীক শাস্তি দিয়াৰ দাবী অঞ্চলবাসীৰ ৷ অঞ্চলবাসীয়ে উজানবজাৰৰ পৰা লতাশিললৈ উলিয়াই এক প্ৰতিবাদকাৰী সমদল ৷
উল্লেখ্য যে, ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এই পৰ্যন্ত আটক কৰিছে আশ্বিক গুপ্তা, কৰণ দাস, জিতুমণি শৰ্মা নামৰ তিনিজন লোকক ৷ ইয়াৰে আশ্বিক গুপ্তা হ'ল ডিম্পলৰ নিজৰ জেঠায়েকৰ ল'ৰা ৷ আনহাতে জিতুমণি কিশোৰীগৰাকীৰ ঘৰৰ চুবুৰীয়া ৷ কৰণ আশ্বিকৰ বন্ধু।
ঘটনা সংঘটিত কৰাৰ দিনটোত গ্ৰেপ্তাৰ কৰা তিনি লোকৰ পৰা উদ্ধাৰ হোৱা তথ্য এই পৰ্যন্ত ভেদ কৰা নাই আৰক্ষীয়ে ৷ ঘটনাস্থলীত ফৰেনচিক, ক্ৰাইম ব্ৰাঞ্চ, স্নীফাৰ ডগ ব্যৱহাৰ কৰা হৈছিল যদিও এই পৰ্যন্ত কোনো চূড়ান্ত ফলাফলত আহিব পৰা নাই আৰক্ষী ৷ অৱশ্যে ঘটনাত আশ্বিক জড়িত থকাৰ সন্দেহ স্থানীয় লোকৰ ৷ কিন্তু সেয়া আৰক্ষীৰ অনুসন্ধানৰ অন্ততহে স্পষ্ট হ'ব।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : September 02, 2021, 16:50 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।