• Home
  • »
  • News
  • »
  • assam
  • »
  • ছাত্ৰ-ছাত্ৰীৰ পৰা ধন সংগ্ৰহ কৰি সেই টকাৰে উপহাৰ কিনি প্ৰধান শিক্ষয়িত্ৰী গ'ল তোলনি বিয়া খাবলৈ !

ছাত্ৰ-ছাত্ৰীৰ পৰা ধন সংগ্ৰহ কৰি সেই টকাৰে উপহাৰ কিনি প্ৰধান শিক্ষয়িত্ৰী গ'ল তোলনি বিয়া খাবলৈ !

ডিমৌত এখন বিদ্যালয়ৰ প্রধান শিক্ষয়িত্রীগৰাকীয়ে বিদ্যালয়ৰ নাতিদূৰত অনুষ্ঠিত এক তোলনি বিবাহ অনুষ্ঠানৰ উপহাৰৰ বাবে ছাত্র–ছাত্রীসকলৰ পৰা ১০ টকাকৈ বৰঙণি বিচৰা বুলি অভিভাৱকসকলে অভিযোগ উত্থাপন কৰে ৷

  • Share this:
ডিমৌ খণ্ড প্রাথমিক শিক্ষা বিষয়া কার্যালয়ৰ অধীনৰ এখন প্রাথমিক বিদ্যালয়ত এক আজৱ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। ধ্যান গোলাদৈ জনজাতি আদর্শ প্রাথমিক বিদ্যালয়ৰ প্রধান শিক্ষয়িত্রীগৰাকীয়ে বিদ্যালয়ৰ নাতিদূৰত অনুষ্ঠিত এক তোলনি বিবাহ অনুষ্ঠানৰ উপহাৰৰ বাবে ছাত্র–ছাত্রীসকলৰ পৰা ১০ টকাকৈ বৰঙণি বিচৰা বুলি অভিভাৱকসকলে অভিযোগ উত্থাপন কৰে৷

ছাত্র–ছাত্রীসকলে ঘৰলৈ গৈ অভিভাৱকক হেড বাইদেৱে দহ টকাকৈ বিচৰা বুলি অৱগত কৰে ৷ অভিভাৱকৰ অভিযোগ অনুসৰি প্রধান শিক্ষয়িত্রীগৰাকীয়ে বিয়াৰ উপহাৰৰ বাবে দহ টকা লাগে বুলি ছাত্র–ছাত্রীসকলক জনাইছিল ৷ ছাত্র–ছাত্রীয়ে প্রধান শিক্ষকগৰাকীৰ হাতত দহ টকাকৈ জমা দিয়াৰ পিছত প্রধান শিক্ষয়িত্রী আৰু সহঃ শিক্ষকে বিবাহস্থলীত উপস্থিত হৈ ছাত্র–ছাত্রীৰ টকাৰে উপহাৰ দি নিমন্ত্ৰণ ৰক্ষা কৰে৷

অভিভাৱকৰ পৰা লাভ কৰা খবৰ অনুসৰি ডিমৌৰ পৰা সংবাদ মাধ্যমৰ এটা দল উপস্থিত হৈ বিদ্যালয়খন বন্ধ অৱস্থাত প্রত্যক্ষ কৰে আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰহেশ্বৰ মেছকে ধৰি স্থানীয় ভালেসংখ্যক অভিভাৱক ওলাই আহি দুয়োগৰাকী শিক্ষক–শিক্ষয়িত্রী বিয়া ঘৰত থকা আৰু ছাত্র–ছাত্রীসকল বিদ্যালয় ছুটী দিয়াত ঘৰতে থকা বুলি অৱগত কৰে৷ পিছত দুয়োগৰাকী শিক্ষক–শিক্ষয়িত্রী বিদ্যালয়ৰ মুখলৈ আহি পৰিচালনা সমিতিৰ ককর্থনাৰ সন্মুখীন হোৱাৰ লগতে কেতবোৰ স্ববিৰোধী মন্তব্যৰে নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ চেষ্টা কৰে যদিও বিয়াৰ উপহাৰৰ বাবে ছাত্র–ছাত্রীৰ পৰা ধন সংগ্রহ কৰা আৰু বিয়াৰ বাবেই বিদ্যালয় ছুটী দিয়াটো একপ্রকাৰ স্বীকাৰ কৰে৷
Published by:Kokil Sarma
First published: