• Home
  • »
  • News
  • »
  • assam
  • »
  • ডিমৰীয়াত আজিও প্ৰচলিত ৰজাদিনীয়া পূজা ! ধোপগুৰিত অগনণ লোকৰ সমাৱেশত জিলিকিল ৰজাদিনীয়া পৰম্পৰাগত সংস্কৃতি ...

ডিমৰীয়াত আজিও প্ৰচলিত ৰজাদিনীয়া পূজা ! ধোপগুৰিত অগনণ লোকৰ সমাৱেশত জিলিকিল ৰজাদিনীয়া পৰম্পৰাগত সংস্কৃতি ...

মালগোঁসাই পূজাৰ ভেটিত ডিমৰীয়াৰ বিভিন্ন জনগোষ্ঠীৰ মাজত গঢ়ি উঠিছে ঐক্য আৰু সংস্কৃতিৰ মহামিলন। বহিঃশত্ৰুৰ আক্ৰমণ প্ৰতিৰোধ, বল বিক্ৰমৰ লগতে শষ্য-মৎস্যৰ শ্ৰীবৃদ্ধিৰ বাবে এই ঐতিহাসিক পূজা ভাগ যুগ যুগ ধৰি পালন কৰি আহিছে ডিমৰীয়াৰ ধোপগুৰিৰ ৰাইজে।

  • Share this:
মধ্য যুগৰ পৰা ৰজাৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হৈ অহা এই পূজাত বাঁহেৰে নিৰ্মাণ কৰা হয় এখন চাঙী। তান্ত্ৰিক মন্ত্ৰৰে এই চাঙীক আলৌকিকতা প্ৰদান কৰা হয়। পাছত  চাৰিজন বলিষ্ঠ ডেকাই চাঙী দেৱতাৰ নিৰ্দেশ মতে সমগ্ৰ অঞ্চল জুই-পানীক একাকাৰ কৰি পৰিভ্ৰমণ কৰে।অঞ্চলটোৰ প্ৰতি ঘৰ গৃহস্থৰ গৃহত প্ৰৱেশ কৰে চাঙী বহন কৰা লোকসকলে।গৃহস্থই শ্ৰদ্ধা ভক্তি সহকাৰে মাল দেৱতালৈ আগবঢ়ায় শৰাই-শলিতা।

ডিমৰীয়াৰ পঞ্চ দেৱতা কেইজনৰ ভিতৰত মাল গোঁসাই অন্যতম। এই মাল গোঁসাই দুজন -- ডেকা বা গৰখীয়া মাল আৰু বুঢ়া মাল। ডেকা বা গৰখীয়া মাল প্ৰতি বছৰে আহাৰ  মাহত অনুষ্ঠিত কৰাৰ বিপৰিতে বুঢ়া মাল প্ৰতি পাঁচ বছৰৰ অন্তৰে অন্তৰে অনুষ্ঠিত কৰা হয়।

ৰজাদিনীয়া এই ঐতিহাসিক পূজা আজিও পৰম্পৰাগত সংস্কৃতি ৰূপে প্ৰাণৱন্ত হৈ জীয়াই  আছে ডিমৰীয়াৰ খিলঞ্জীয়া ৰাইজৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণৰ জৰিয়তে। মালগোঁসাই পূজাৰ ভেটিত ডিমৰীয়াৰ বিভিন্ন জনগোষ্ঠীৰ মাজত গঢ়ি উঠিছে ঐক্য আৰু সংস্কৃতিৰ মহামিলন। বহিঃশত্ৰুৰ আক্ৰমণ প্ৰতিৰোধ, বল বিক্ৰমৰ লগতে শষ্য-মৎস্যৰ শ্ৰীবৃদ্ধিৰ বাবে এই ঐতিহাসিক পূজা ভাগ যুগ যুগ ধৰি পালন কৰি আহিছে ডিমৰীয়াৰ ধোপগুৰিৰ ৰাইজে।এই বেলিও ইয়াৰ ব্যতিক্ৰম নহ'ল।অগনণ লোকৰ সমাৱেশৰে সম্পন্ন হল এই ৰজাদিনীয়া পূজাভাগ।
Published by:Kokil Sarma
First published: