মুখ্যপৃষ্ঠা » খবৰ

» অসম

»চিৰসেউজ কাৰ্বি পাহাৰৰ আকাশত উৰিব শান্তিৰ কপৌ! আলোচনাৰ মেজলৈ আহিল উগ্ৰপন্থী সংগঠন DNLA

চিৰসেউজ কাৰ্বি পাহাৰৰ আকাশত উৰিব শান্তিৰ কপৌ! আলোচনাৰ মেজলৈ আহিল উগ্ৰপন্থী সংগঠন DNLA

News18 Assam | News18-Assam
Updated:September 24, 2021, 1:40 PM IST
চিৰসেউজ কাৰ্বি পাহাৰৰ আকাশত উৰিব শান্তিৰ কপৌ! আলোচনাৰ মেজলৈ আহিল উগ্ৰপন্থী সংগঠন DNLA
ডিফুৰ ধনশিৰিত আলোচনা মেজলৈ অহা DNLAৰ নেতৃত্বক জনোৱা হ’ল আদৰণি।

ডিফুৰ ধনশিৰিত আলোচনা মেজলৈ অহা DNLAৰ নেতৃত্বক জনোৱা হ’ল আদৰণি।

  • News18 Assam
  • Last Updated: September 24, 2021, 1:40 PM IST
  • Share this:
চিৰসেউজ কাৰ্বি পাহাৰৰ আকাশত উৰিব শান্তিৰ কপৌ! আলোচনাৰ মেজলৈ আহিল ভয়ংকৰ দৈয়াংমুখ কাণ্ড সংঘটিত কৰা DNLA। ইয়াৰ লগে লগে কাৰ্বি পাহাৰত যৱনিকা পৰিল উগ্ৰপন্থী সংগঠনৰ সশস্ত্ৰ সংগ্ৰামৰ। ডিফুৰ ধনশিৰিত আলোচনা মেজলৈ অহা DNLAৰ নেতৃত্বক জনোৱা হ’ল আদৰণি।

DNLAৰ অধ্যক্ষ ইটিকা ডিফুছা, অতিৰিক্ত সেনধ্যক্ষ জুদ্দিচন হাফলংবাৰ ওৰফে আমেৰিকা ডিফুছা, সাধাৰণ সম্পাদক প্ৰিতমজিৎ জিদুং ওৰফে কালাও ডিমাছা কছাৰীক আদৰণি জনালে মন্ত্ৰী ৰণোজ পেগু, স্পেচিয়েল এডিজিপি জি পি সিং, বিশেষ শাখাৰ ADGP হীৰেন নাথে।

ধনশিৰিৰ ডাউজিনফাঙত অনুষ্ঠিত অনুষ্ঠানত তিনি বিদ্ৰোহী নেতাক জনোৱা হয় আদৰণি। ইয়াৰ পিছতে তিনি বিদ্ৰোহী নেতাক লগত লৈ গুৱাহাটীলৈ ৰাওনা হয় মন্ত্ৰী আৰু আৰক্ষীৰ শীৰ্ষ বিষয়া দল। গুৱাহাটীতে DNLAৰ শীৰ্ষ নেতৃত্বৰে চৰকাৰ প্ৰশাসনৰ মাজত সম্পন্ন হ’ব যুদ্ধবিৰতি চুক্তি।
Published by: Sanjay Kumar Das
First published: September 24, 2021, 1:40 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি