ৰাজ্যৰ আন প্ৰান্তৰ লগতে আজি ডিমা হাছাও জিলাৰ হাফলঙত নেচনেল গাৰ্ল চাইল্ড দিৱস উদযাপন কৰা হয়। গাৰ্ল চাইল্ড দিৱস উপলক্ষে ৰাইজৰ মাজত অধিক সজাগতা অনাৰ লক্ষ্যৰে শৈল চহৰৰ ৰাজপথত এক সমদল উলিওৱা হয়, য'ত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ বিষয়া-কৰ্মীৰ উপৰি বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ভাগ লয়।
হাফলং জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত স্বাস্থ্য বিভাগৰ উদ্যোগত আয়োজিত অনুষ্ঠানত প্ৰধান অতিথি হিচাপে উপস্থিত থাকে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ ডেপুটি ছেক্ৰেটেৰী ৰেবেকা চাংছান। আন অতিথিসকলৰ মাজত উপস্থিত থাকে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অতিৰিক্ত চিএমঅ' মেৰিনা এল চাংছান, জিলা তথ্য আৰু জনসংযোগ বিষয়া পূৰৱী ফংলো, চিকিৎসক ৰিংজানা হোজাই, দিচমাইডি হাগজেৰ আৰু কণমানি সংগীত শিল্পী ক'লমৌজো মাৰ আদি।
ক'লমৌজো মাৰে অসমৰ জাতীয় সংগীত ' অ' মোৰ আপোনাৰ দেশ ' পৰিৱেশন কৰাৰ উপৰি ভাৰত কি ভেটি' শীৰ্ষক সংগীত পৰিৱেশন কৰে। উপস্থিত অতিথিসকলে 'বেটি বাচাও, বেটি পড়াও' বিষয়ৰ ওপৰত বক্তব্য আগবঢ়ায়। প্ৰতিগৰাকী বক্তাই নিজৰ নিজৰ বক্তব্যত কন্য শিশু দিৱসৰ তৎপৰ্য ব্যাখ্যা কৰে।
উল্লেখনীয় যে ৰাজ্য বা দেশজুৰি শিশু কন্যা কিছু কিছু ক্ষেত্ৰত অসুৰক্ষিত হ'লেও পাহাৰীয়া ডিমা হাছাও জিলাত অসুৰক্ষিত বুলি তেনে তথ্য নাই। কন্যা ভ্ৰূণ হত্যাৰ কোনো তথ্য নাই বুলিও সদৰী কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অতিৰিক্ত চিএমঅ' মেৰিনা এল চাংছানে। ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ যোগেদি অনুষ্ঠানৰ অন্ত পৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|