হাগ্ৰামা মহিলাৰীক ধন্যবাদ জনালে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই৷ ভবানীপুৰত হাগ্ৰামা মহিলাৰীয়ে কোনো প্ৰাৰ্থী নিদি বিজেপি প্ৰাৰ্থীক সমৰ্থন দিয়া বাবে ধন্যবাদ জনালে দিলীপ শইকীয়াই৷ বৃহস্পতিবাৰে ভৱানীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বাক্সাৰ সাউদৰভিঠাত বিজেপি দলৰ প্ৰাৰ্থীৰ হৈ বিজেপি দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দীলিপ শইকীয়াই নিৰ্বাচনী প্ৰচাৰ চলায়।
প্ৰাৰ্থী ফণীধৰ তালুকদাৰে অংশগ্রহণ কৰা নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্রহণ কৰি সংবাদ মাধ্যমৰ আগত কয়, "নিৰ্বাচনৰ সময়ত বিভিন্ন জনে বিভিন্ন কথা কলেও হাগ্ৰামা মহিলাৰীয়ে আমাৰ বিৰুদ্ধে কোনো প্ৰাৰ্থী প্ৰক্ষেপ নকৰাত মই ধন্যবাদ জ্ঞাপন কৰিছো। হাগ্ৰামাই আমাৰ মিত্ৰজোঁটক মুকলিভাৱে সমৰ্থন কৰাৰ কথা কৈছিল। গতিকে প্ৰথমে মহিলাৰীয়ে যিটো কথা কৈছে সেইটো লক্ষ্মণ ৰেখা হ'ব লাগে।’’
আনহাতে, বিজেপিত যোগদান কৰিলে টকা দিয়া বিষয় সন্দৰ্ভত শইকীয়াই কয় যে টকা দিয়া বা নিদিয়াটো হাগ্ৰামা মহিলাৰীয়ে নিজে গম পাব। কাৰণ হাগ্ৰামা মহিলাৰীয়ে ১৫ বছৰ ধৰি বিটিচিৰ শাসন চলাইছিল। কাক পইচা দি আনিছিল, কাক পইচা নিদিয়াকৈ আনিছিল সেইটো তেওঁ নিজে জানে। কিন্তু ভাৰতীয় জনতা পার্টি এটা অনুশাসন বদ্ধ দল। ইয়াত দেশৰ স্বাৰ্থক সদায় আগস্থান দিয়া হয়।
আনহাতে, বৰাকত অসমীয়া ভাষাৰ ওপৰত হোৱা বিতৰ্কৰ প্ৰসংগত শইকীয়াই কয়, "অসমত অসমীয়া ৰাজ্য ভাষা হিচাপে থাকিবই। কোনোবাই বেনাৰত ক’লা ৰং সানক বা বগা ৰং সানক তাত কোনো হৰণ–পোষণ নহয়।’’
কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই ভৱানীপুৰত এইবাৰ বেয়া প্ৰাৰ্থী দিয়া বুলি অভিযোগ কৰাৰ প্ৰত্যুত্তৰত শইকীয়াই পুনৰ কয়, ‘‘ভূপেন বৰাৰ কথাৰ কোনো দাম নাই। তেওঁ নিজেই হাৰিছে। ৰাইজে যাক নস্যাৎ কৰিছে, তেনেক্ষেত্ৰত ৰাইজৰ মনৰ কথা তেওঁ কেনেকৈ উপলব্ধি কৰিব।’’
বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই ভৱানীপুৰত বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ বিজয় নিশ্চিত বুলি জানিব দিয়ে৷ বিজেপি দলৰ কিষাণ মৰ্চাৰ উত্তৰ ভৱানীপুৰ মণ্ডলৰ সভাপতি সঞ্জীৱ নাথকে ধৰি কেবাগৰাকীও দলীয় নেতাই অংশগ্রহণ কৰে সভাত।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|