অসমৰ পৰা প্ৰথমবাৰলৈ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্বত দিলীপ শইকীয়া 

News18 Assam | News18-Assam
Updated:September 29, 2020, 9:28 PM IST
অসমৰ পৰা প্ৰথমবাৰলৈ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্বত দিলীপ শইকীয়া 
মোক যি গুৰু দায়িত্ব দিছে সুচাৰুভাৱে পালন কৰিম৷ মা কামাখ্যা আৰু মহাপুৰুষ শংকৰদেৱৰ আশীৰ্বাদ লৈ কাম কৰি যাম৷ – ক’লে দিলীপ শইকীয়াই।

মোক যি গুৰু দায়িত্ব দিছে সুচাৰুভাৱে পালন কৰিম৷ মা কামাখ্যা আৰু মহাপুৰুষ শংকৰদেৱৰ আশীৰ্বাদ লৈ কাম কৰি যাম৷ – ক’লে দিলীপ শইকীয়াই।

  • News18 Assam
  • Last Updated: September 29, 2020, 9:28 PM IST
  • Share this:
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ পৰা আৰম্ভ হৈছিল তেওঁৰ যাত্ৰা৷ ২০০২ চনত ৰাজনীতিত আনুষ্ঠানিকভাৱে যোগদান কৰি আজি তেওঁ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক৷ তেওঁ আন কোনো বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া৷ মঙলবাৰে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াক বাজপেয়ী ভৱনত জনালে সম্বৰ্ধনা৷

‘এয়া বিৰল সন্মান, বিৰল মৰ্যাদা৷ অসমৰ পৰা পূৰ্বে সম্পাদক হৈছে, উপ–সভাপতি হৈছে, মুখপাত্ৰ হৈছে৷ কিন্তু, সাধাৰণ সম্পাদকৰ দায়িত্ব প্ৰথমবাৰলৈ অসমৰ পৰা দিলীপ শইকীয়াই লাভ কৰিছে৷ মা কামাখ্যাৰ আশীৰ্বাদত কোনোবা হয়তো সভাপতিও হ'ব এদিন৷ এই অনুভৱ বিৰল অনুভৱ৷" – ক’লে ফণীন্দ্ৰ নাথ শৰ্মাই।

এই সন্মান উত্তৰ–পূবৰ বাবেই সন্মান আৰু গৌৰৱ বুলি মন্তব্য কৰিলে অজয় জামোৱালে। আনহাতে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে দিলীপ শইকীয়াক অসমবাসীক গৌৰৱান্বিত কৰা পদবী প্ৰদানৰ বাবে নৰেন্দ্ৰ মোদী, জে পি নাড্ডাক ধন্যবাদ৷ অসমে এতিয়া আনুষ্ঠানিক স্বীকৃতি পালে৷ A FOR ASSAM–এ মোদী ডাঙৰীয়াই কোৱাৰ দৰে হ'ব তাৰ বাট মুকলি হ'ল৷

"আদৰ্শত আপোচ নকৰা নেতা দিলীপ শইকীয়া৷ জ্যেষ্ঠজনৰ ভুলক ভুল বুলি ক’ব পৰাকৈ সাহসী তেওঁ৷ অসমে প্ৰথমবাৰৰ বাবে পাইছে এই সন্মান৷ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠক দিলীপ শইকীয়া৷ ৪২ লাখ কাৰ্যকৰ্তাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰিছো৷" – ক’লে ৰণজিত দাসে।

"চৰকাৰ গঠন কৰিব ভাৰতীয় জনতা পাৰ্টীয়ে৷ সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ মণিকাঞ্চন সংযোগৰ ফলত অসম বহু আগবাঢ়ি গৈছে৷ তেওঁলোক দুজনৰ বাবেই অসমৰ ৰাইজ ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে৷ মোক যি গুৰু দায়িত্ব দিছে সুচাৰুভাৱে পালন কৰিম৷ মা কামাখ্যা আৰু মহাপুৰুষ শংকৰদেৱৰ আশীৰ্বাদ লৈ কাম কৰি যাম৷ প্ৰত্যেকজন কাৰ্যকৰ্তাৰ প্ৰতি দায়িত্বশীল ভাৰতীয় জনতা পাৰ্টী৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সমস্যাসমূহ কেনেদৰে সমাধান কৰিব পাৰো সেয়া মোৰ প্ৰথম দায়িত্ব৷ অৱশ্যেই মোদী হ্যে ট' মুমকিন হ্যে৷" – ক’লে দিলীপ শইকীয়াই।
Published by: Sanjay Kumar Das
First published: September 29, 2020, 9:28 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading