• Home
  • »
  • News
  • »
  • assam
  • »
  • পুখুৰী সদৃশ গাঁতেৰে ভৰি পৰিছে গড়কাপ্তানী পথ, বিধ্বস্ত পথে জ্বলা-কলা খুৱাইছে বিজনীবাসীক

পুখুৰী সদৃশ গাঁতেৰে ভৰি পৰিছে গড়কাপ্তানী পথ, বিধ্বস্ত পথে জ্বলা-কলা খুৱাইছে বিজনীবাসীক

বিজনীৰ উত্তৰাঞ্চলৰ পঞ্চাশখনতকৈও অধিক গাঁৱৰ বাসিন্দা, ছাত্র-ছাত্ৰীয়ে যমৰ যাতনা ভূগি নিতৌ অহা-যোৱা কৰিবলগা হৈছে এই পথটোৰে।

  • Share this:
বিজনীত জৰাজীৰ্ণ পথে জ্বলা-কলা খুৱাইছে স্থানীয় ৰাইজক ৷ চিৰাঙৰ বিজনীৰ পৰা পাণবাৰী সংযোগী গড়কাপ্তানী পথটো সম্প্ৰতি যাতায়তৰ অনুপযোগী হৈ পৰাত পথচাৰী সকলে সমস্যাৰ সন্মুখীন হৈছে। পথটোত ঠায়ে ঠায়ে পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাত যান বাহন চলাচলত অসুবিধা হৈ আহিছে । অতি ব্যস্ততাপূৰ্ণ পথটো মেৰামতি কৰাৰ ক্ষেত্ৰত কাণসাৰ দিয়া নাই জনপ্ৰতিনিধি অথবা বিভাগীয় কৰ্তৃপক্ষই।

বিজনীৰ উত্তৰাঞ্চলৰ পঞ্চাশখনতকৈও অধিক গাঁৱৰ বাসিন্দা, ছাত্র-ছাত্ৰীয়ে যমৰ যাতনা ভূগি নিতৌ অহা-যোৱা কৰিবলগা হৈছে এই পথটোৰে। পথটো মেৰামতি নকৰাৰ ফলত দুচকীয়া বাহন, চাৰি চকীয়া বাহন, যাত্ৰী, ব্যৱসায়ী, ছাত্র-ছাত্ৰীয়ে যমৰ-যাতনা ভোগ কৰিব লগীয়া হৈছে। আনহাতে ১৯ নং থুৰিবাৰী সমষ্টিৰ মাজেৰে ১৮ নং মানাস ছেৰফাং সমষ্টিলৈ যোৱা একমাত্ৰ পথ তথা পাণবাৰী আৰু বিষ্ণুপুৰ বজাৰৰ দৰে দুখন বৃহৎ বজাৰলৈ যোৱা এই পথটো মেৰামতি নকৰাত ৰাইজে ক্ষোভ ব্যক্ত কৰে।
Published by:Manjumoni Borah
First published: