মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Govt Hospital : নগাঁও প্ৰসূতি আৰু শিশু চিকিৎসালয়ত কদৰ্যময় পৰিৱেশ, চৰম অস্বাস্থ্যকৰ পৰিৱেশত চলিছে চিকিৎসা।

Govt Hospital : নগাঁও প্ৰসূতি আৰু শিশু চিকিৎসালয়ত কদৰ্যময় পৰিৱেশ, চৰম অস্বাস্থ্যকৰ পৰিৱেশত চলিছে চিকিৎসা।

News18 Assam | News18-Assam
Updated:August 3, 2021, 10:10 PM IST
Govt Hospital : নগাঁও প্ৰসূতি আৰু শিশু চিকিৎসালয়ত কদৰ্যময় পৰিৱেশ, চৰম অস্বাস্থ্যকৰ পৰিৱেশত চলিছে চিকিৎসা।
এজাক বৰষুণতে বুৰ যায় নগাঁৱৰ প্ৰসূতি আৰু শিশু চিকিৎসালয়, স্বাস্থ্যকৰ্মী, ৰোগীয়ে নাকত হাত দি অহা-যোৱা কৰিব লগা অৱস্থা।

এজাক বৰষুণতে বুৰ যায় নগাঁৱৰ প্ৰসূতি আৰু শিশু চিকিৎসালয়, স্বাস্থ্যকৰ্মী, ৰোগীয়ে নাকত হাত দি অহা-যোৱা কৰিব লগা অৱস্থা।

  • Share this:
চৰম কদৰ্যময় পৰিৱেশ বিৰাজ কৰিছে নগাঁৱৰ ম'হখুলিস্থিত শিশু আৰু প্ৰসূতি চিকিৎসালয়ত। প্ৰসূতি আৰু শিশুৰ বাবে নিৰ্মিত চহৰৰ মূল চিকিৎসালয়খনত বৰ্তমান চৰম অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত চিকিৎসাগ্ৰহণ কৰিব লগা হৈছে ৰোগীয়ে।

মঙলবাৰে পুৱা অহা ধাৰাষাৰ বৰষুণে পুনৰ প্লাৱিত কৰে চিকিৎসালয়খনৰ চৌহদ। আনহাতে চিকিৎসালয়খনৰ চৌহদৰ ভিতৰতে ৰোগীয়ে ব্যৱহাৰ কৰা বিভিন্ন আৱৰ্জনা পেলাই জাৱৰৰ দ'ম কৰাও দেখা গৈছে। বৰষুণৰ ফলত হোৱা কৃত্ৰিম বানৰ ফলত জাৱৰৰ দ'মৰ আৱৰ্জনা পানীত উটি অহাৰ ফলত সমগ্ৰ চিকিৎসালয়খনতে চৰম দুৰ্গন্ধৰ সৃষ্টি হৈছে। ফলত চিকিৎসালয়লৈ অহা স্বাস্থ্যকৰ্মী তথা ৰোগীয়ে নাকত হাত দি অহা-যোৱা কৰিব লগা অৱস্থা হৈছে।

ইফালে চিকিৎসালয়খনৰ কাষত থকা নলাবিলাক দীৰ্ঘদিন ধৰি পৰিষ্কাৰ নকৰাৰ ফলত এই দুৰৱস্থাৰ সৃষ্টি হৈছে। নগাঁও, মৰিগাঁও তথা কাৰ্বি আংলং জিলাৰ বৃহত্তৰ অঞ্চলৰ প্ৰসূতি আৰু শিশুৰ উন্নত চিকিৎসাৰ বাবে স্থাপিত চিকিৎসালয়খনৰ এই দুৰৱস্থাই ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে।
Published by: Manjumoni Borah
First published: August 3, 2021, 10:10 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি