உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • অসম আৰক্ষীৰ বাবে আদৰ্শস্বৰূপ হৈ পৰিছে অসম-নাগালেণ্ড সীমান্তৰ ডিলাই আৰক্ষী থানা। অপৰাধ দমনৰ লগতে জনসম্পৰ্ক বৃদ্ধিটো গুৰুত্ব।

    অসম আৰক্ষীৰ বাবে আদৰ্শস্বৰূপ হৈ পৰিছে অসম-নাগালেণ্ড সীমান্তৰ ডিলাই আৰক্ষী থানা। অপৰাধ দমনৰ লগতে জনসম্পৰ্ক বৃদ্ধিটো গুৰুত্ব।

    কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী ডিলাই আৰক্ষী থানাই আকৌ এবাৰ দেখুৱাইছে আদৰ্শ।এইবাৰ অপৰাধ নিয়ন্ত্ৰণৰ সমান্তৰালকৈ জনসম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ৱ আৰোপ কৰি দখল কৰিছে বাতৰিৰ শিৰোনাম।

    • Share this:
    ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই অসম আৰক্ষীক জন সম্পৰ্ক বৃদ্ধিত সৰ্বাধিক গুৰুত্ব দিয়াৰ বাবে নিৰ্দেশ দিছিল। বৰ্তমান অসম আৰক্ষীয়েও এই দিশটোত যথেষ্ট গুৰুত্ব আৰোপ কৰা দেখা গৈছে। কিন্তু অসমৰ এখন আৰক্ষী থানাই বহুদিন আগৰে পৰা এই দিশটোত গুৰুত্ব আৰোপ কৰি আহিছে।

    কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী ডিলাই আৰক্ষী থানাই এইক্ষেত্ৰত দেখুৱাইছে আদৰ্শ।

    প্ৰতিদিনেই বহু কুখ্যাত অপৰাধীৰ বিৰুদ্ধে সফলতা আৰ্জন কৰা ডিলাই আৰক্ষী থানাই অপৰাধ নিয়ন্ত্ৰণৰ সমান্তৰালকৈ জনসম্পৰ্ক ৰক্ষাটো গুৰুত্ব আৰোপ কৰি আহিছে। ডিলাই অঞ্চলৰ ৰাইজ আৰু গাঁওৰক্ষী বাহিনীৰ সহযোগত সুন্দৰকৈ সজাই-পৰাই তোলা হৈছে থানাখন। থানাখনৰ চৌহদটো সুন্দৰ কৰি তোলাৰ লগতে থানাখনৰ ভিতৰ ভাগো গঢ়ি তোলা হৈছে সুশৃংখলিত ৰূপত।

    এই সন্দৰ্ভত ডিলাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিতোপন চুতীয়াই কয়, ‘কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক গৰাকীৰ নিৰ্দেশত ডিলাই আৰক্ষীয়ে জনসম্পৰ্ক বৃদ্ধিত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে। একেদৰে ডিলাই আৰক্ষীয়ে গাড়ী চুৰি চক্ৰক কৰায়ত্ত কৰাটো লাভ কৰিছে বৃহৎ সাফল্য। মাত্ৰ ২মাহৰ ভিতৰতে২০খনৰো অধিক চুৰি গাড়ী উদ্ধাৰ কৰিছে আৰক্ষীয়ে। আনহাতে ২মাহৰ ভিতৰতে প্ৰায় ৪৫কোটি টকাৰ ব্ৰাউন ছুগাৰ উদ্ধাৰ কৰিবলৈও সক্ষম হৈছে ডিলাই আৰক্ষীয়ে।’

    উল্লেখযোগ্য যে, আজিৰ পৰা কেইদিনমান পূৰ্বে এই ডিলাই আৰক্ষী থানাত কৰ্মৰত গৃহৰক্ষীৰ জোৱান বৰছিং বে’ক ড্ৰাগছৰ বিৰুদ্ধে সফলতা অৰ্জন কৰাৰ বাবে আৰক্ষী বিভাগৰ কনিষ্টবল পদত নিযুক্তি দিছিল অসম চৰকাৰে।
    Published by:Manjumoni Borah
    First published: