দেশ-বিদেশত থকা অসমৰ ১১ অভিযন্তাই পাতিলে ডিজিটেল বিহু

এটা সময়ত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত পঢ়ি থকা দিনৰে পৰা তেওঁলোকে লগ লাগি বিহু পাতিছিল৷ কিন্তু লকডাউনৰ বাবে তেওঁলোক এইবাৰ লগ লাগিব নোৱাৰিলে কেনেকৈনো নপতাকৈ থাকে হেপাঁহৰ বিহুটি৷
এটা সময়ত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত পঢ়ি থকা দিনৰে পৰা তেওঁলোকে লগ লাগি বিহু পাতিছিল৷ কিন্তু লকডাউনৰ বাবে তেওঁলোক এইবাৰ লগ লাগিব নোৱাৰিলে কেনেকৈনো নপতাকৈ থাকে হেপাঁহৰ বিহুটি৷
- News18 Assam
- Last Updated: April 26, 2020, 12:17 PM IST
কৰ্মসূত্ৰে তেওঁলোক থাকে বহিঃৰাজ্যৰ লগতে বিদেশত৷ কিন্তু বাপতিসাহোন ৰঙালী বিহুত এইবাৰ তেওঁলোক ঘৰলৈ আহিব নোৱাৰিলেও দূৰে দূৰে থাকি পাতিলে ডিজিটেল বিহু৷ নিজ নিজ গৃহৰ পৰাই পৰিৱেশন কৰিলে নিজ নিজ প্ৰতিভা৷ এজনে জুৰিলে বিহুগীত, কোনোবাই বজালে ঢোল, কোনোবাই পেঁপা, কোনোবাই বাঁহী বাকী যুৱতী কেইগৰাকীয়ে নাচিলে কঁকাল ভাঙি ভাঙি৷ এইসকল অসমৰ বিভিন্ন স্থানৰ, কিন্তু কৰ্মসূত্ৰে থাকে বাহিৰত৷


এটা সময়ত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত পঢ়ি থকা দিনৰে পৰা তেওঁলোকে লগ লাগি বিহু পাতিছিল৷ কিন্তু লকডাউনৰ বাবে তেওঁলোক এইবাৰ লগ লাগিব নোৱাৰিলে কেনেকৈনো নপতাকৈ থাকে হেপাঁহৰ বিহুটি৷ সেইকাৰণে নিজ নিজ আৱাসিক স্থানৰ পৰাই নিজ প্ৰতিভাৰে ডিজিটেল বিহু পাতিলে এইসকল অভিযন্তাই৷ আৰু তেওঁলোকে কৰা এই ডিজিটেল বিহু বৰ্তমান জনপ্ৰিয় হৈ পৰিছে ছচিয়েল মিডিয়াত৷