গুৱাহাটীত আজি আৰক্ষীয়ে কবৰ খান্দিব! কিন্তু কিয়?

হাতীগাঁৱৰ অনুপম নগৰৰ ভাৰাঘৰত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছিল সুস্মিতা ৰাজবংশী খান নামৰ মহিলাগৰাকীৰ মৃতদেহ।

News18-Assam
Updated:August 5, 2019, 9:26 AM IST
গুৱাহাটীত আজি আৰক্ষীয়ে কবৰ খান্দিব! কিন্তু কিয়?
প্ৰতীকী ফটো
News18-Assam
Updated: August 5, 2019, 9:26 AM IST
খন্দা হব কবৰ! কিন্তু সৎকাৰৰ বাবে নহয়, আৰক্ষীৰ বিশেষ অনুসন্ধানৰ বাবে! আজি গুৱাহাটীৰ হাতীগাঁৱত কবৰ খান্দি উলিওৱা হ'ব এগৰাকী মহিলাৰ মৃতদেহ। ২৬ জুলাইত হাতীগাঁৱৰ অনুপম নগৰৰ ভাৰাঘৰত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছিল সুস্মিতা ৰাজবংশী খান নামৰ মহিলাগৰাকীৰ মৃতদেহ। স্বামীৰ পৰিয়ালে ২৭ জুলাইত জানাজা সম্পন্ন কৰিছিল মহিলা গৰাকীৰ। কিন্তু মহিলা পিতৃ পৰিয়ালে অভিযোগ উত্থাপন কৰিছিল সুস্মিতাৰ স্বামী জুৱেল খানে পৰিকল্পিতভাৱে হত্যা কৰিছিল পত্নীক। সেই অভিযোগ ভিত্তিত আৰক্ষীয়ে আটক কৰিছিল জুৱেলক।

কিন্তু মহানগৰ আৰক্ষীৰ অকৰ্মন্যতাৰ সুযোগ লৈ আদালতলৈ নিয়াৰ সময়তে আৰক্ষীৰ বাহনৰ পৰাই পলায়ন কৰিছিল কয়দী জুৱেলে। ৩১ জুলাইত আৰক্ষীৰ জিম্মাৰ পৰা পলাইছিল কয়দী জুৱেলখান। পত্নী হত্যাৰ গোচৰত অভিযুক্ত জুৱেলৰ পলায়নৰ পিছতে আদালতে জুৱেলৰ পত্নীৰ মৃতদেহ খান্দি উলিয়াই পুনৰ তদন্ত নিৰ্দেশ দিয়ে। সেই নিৰ্দেশৰ ভিত্তিত দণ্ডাধীশৰ উপস্থিতিত সুস্মিতাৰ মৃতদেহ কবৰৰ পৰা খান্দি উলিয়াব আৰক্ষীয়ে। ইফালে হাস্যকৰ কথাটো হ'ল গুৱাহাটীৰ মাজমজিয়াত আৰক্ষীৰ গাড়ীৰ পৰা পলায়ন কৰা কয়দীটোৰ ৬ দিনে কোনো শুংসূত্ৰ উলিয়াব নোৱাৰিলে মহানগৰ আৰক্ষীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি