• Home
  • »
  • News
  • »
  • assam
  • »
  • ডিগবৈ পৌৰসভাৰ অসম জাতীয় পৰিষদৰ তিনিগৰাকী প্ৰাৰ্থীয়ে লাভ কৰিছে ৰাইজৰ সঁহাৰি! সভাপতি লুৰিণজ্যোতি গগৈয়ে প্ৰচাৰ চলাই বিজেপিক কৰিলে তীব্ৰ সমালোচনা

ডিগবৈ পৌৰসভাৰ অসম জাতীয় পৰিষদৰ তিনিগৰাকী প্ৰাৰ্থীয়ে লাভ কৰিছে ৰাইজৰ সঁহাৰি! সভাপতি লুৰিণজ্যোতি গগৈয়ে প্ৰচাৰ চলাই বিজেপিক কৰিলে তীব্ৰ সমালোচনা

অসম জাতীয় পৰিষদৰ প্ৰক্ষেপিত প্ৰাৰ্থীৰ সমৰ্থনত বাপাপুঙত আজি এখনি নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয় ৷ উক্ত নিৰ্বাচনী সভাখনিত জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে তিনি প্ৰক্ষেপিত প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায় ৷

অসম জাতীয় পৰিষদৰ প্ৰক্ষেপিত প্ৰাৰ্থীৰ সমৰ্থনত বাপাপুঙত আজি এখনি নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয় ৷ উক্ত নিৰ্বাচনী সভাখনিত জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে তিনি প্ৰক্ষেপিত প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায় ৷

অসম জাতীয় পৰিষদৰ প্ৰক্ষেপিত প্ৰাৰ্থীৰ সমৰ্থনত বাপাপুঙত আজি এখনি নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয় ৷ উক্ত নিৰ্বাচনী সভাখনিত জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে তিনি প্ৰক্ষেপিত প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায় ৷

  • Share this:
ডিগবৈত তুংগত উঠিছে অসম জাতীয় পৰিষদৰ প্ৰচাৰ অভিযান৷ বৃহস্পতিবাৰে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ৷ আৰু ভাষণ প্ৰসংগত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে লুৰিণজ্যোতি গগৈয়ে। লগতে বিজেপিয়ে প্ৰক্ষেপ কৰা প্ৰাৰ্থী  অযোগ্য হোৱাৰ লগতে বিজেপিয়ে সামাজিক দ্বায়িত্ববোধ নথকা লোকক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰে।

আগন্তুক ৬ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ৮০ খন পৌৰসভাৰ বাবে তুংগত উঠিছে ৰাজনৈতিক বতাহ ৷ ৰাজনৈতিক গৰম বতাহে চুই গৈছে প্ৰায় সকলো শ্ৰেণীৰ ভোটাৰক ৷ পৌৰসভাত দলীয় প্ৰভূত্ব বিস্তাৰ কৰাৰ উদ্দেশ্যেৰে ব্যাপক প্ৰচাৰ অভিযানত ব্যস্ত আছে শাসক বিৰোধী সকলো ৰাজনৈতিক দল৷

ৰাজ্যৰ আন আন পৌৰসভাৰ দৰে ১২৩ নং ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত দহটা ৱাৰ্ডেৰে গঠিত ডিগবৈ পৌৰসভাও পিছপৰি ৰোৱা নাই ৷ শাসক বিৰোধীয়ে নিজা নিজা দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান তুংগত কৰি ৰখাৰ সামন্তৰালভাৱে অসম জাতীয় পৰিষদেও নিৰ্বাচনী প্ৰচাৰ অভিযানত দিন-ৰাতি একাকাৰ কৰিছে৷

ডিগবৈ পৌৰসভাৰ অন্তৰ্গত দহটা ৱাৰ্ডৰ ভিতৰত অসম জাতীয় পৰিষদে ৩ নম্বৰ ৱাৰ্ডত মিনাক্ষী ভট্টাচাৰ্য, ৯ নম্বৰ ৱাৰ্ডত নয়নমণি দত্ত আৰু ১০ নম্বৰ ৱাৰ্ডত মৌচুমী কোঁৱৰক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে ৷ মাত্ৰ তিনিটা ৱাৰ্ডত ডিগবৈ পৌৰসভা নিৰ্বাচন বাবে অসম জাতীয় পৰিষদে পোন প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অৱৰ্ত্তীণ হৈছে যদিও তিনিওগৰাকী প্ৰাৰ্থীৰ সামাজিক দায়বদ্ধতা,উচ্চ শিক্ষিত আৰু ডিগবৈ সমাজ জীৱনৰ লগত জড়িত হোৱাৰ হেতুকে নিৰ্বাচনী প্ৰচাৰ অভিযানত স্বতঃস্ফূৰ্তভাৱে সঁহাৰি লাভ কৰা দেখিবলৈ পোৱা গৈছে ৷

অসম জাতীয় পৰিষদৰ প্ৰক্ষেপিত প্ৰাৰ্থীৰ সমৰ্থনত বাপাপুঙত আজি এখনি নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয় ৷ উক্ত নিৰ্বাচনী সভাখনিত জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে তিনি প্ৰক্ষেপিত প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায় ৷ ৰাইজৰ বিপুল সঁহাৰিত অনুষ্ঠিত হোৱা সভাখনিত লুৰিণজ্যোতি গগৈয়ে শাসকীয় বিজেপি চৰকাৰৰ তীব্ৰ কটাক্ষ সুচক মন্তব্য আগবঢ়ায়৷

বিজেপি চৰকাৰৰ দিনতে ক্ৰমবৰ্ধমান হাৰত প্ৰতিটো সামগ্ৰীৰ দাম আকাশলংঘী বৃদ্ধি, ৰন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধি, পেট্ৰল ডিজেলজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ সন্দৰ্ভত শাসকীয় বিজেপি চৰকাৰক পৰিকল্পনাৰ অভাৱ বুলি মন্তব্য আগৱঢ়ায় ৷ আগন্তুক ডিগবৈ পৌৰসভা নিৰ্বাচনৰ বাবে শাসকীয় বিজেপি দলে দলীয় টিকট প্ৰদান কৰা  প্ৰাৰ্থীসকলক  নেতা পালিনেতাই ব্যৱহাৰ কৰিব পৰা ৰাবাৰৰ ষ্টাম্প বুলি কটাক্ষ কৰে ৷

'পৌৰসভাত পুতলা সদৃশ প্ৰাৰ্থীত্ব প্ৰক্ষেপ কৰি আগন্তুক দিনত যাতে তেখেতসকলক ব্যৱহাৰ কৰি পাৰে, মাপ কাঠি জুখি মাখিয়েই বিজেপিয়ে টিকট প্ৰদান কৰিছে।  পৌৰসভাত বিজেপিয়ে প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ ধনবল থকা ,সামাজিক দায়বদ্ধহীন , শিক্ষাগত দক্ষতা নথকা একাংশ প্ৰাৰ্থীক টিকট প্ৰদান কৰি ভৱিষ্যত দিনত ব্যৱহাৰ কৰিব পৰা লোকহে টিকট প্ৰদান কৰিছে।'- এনেদৰে কয় লুৰিণজ্যোতি গগৈয়ে।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি