ৰেড জ'নৰ পৰা অহা সামগ্ৰী ওপৰত কঠোৰ ডিগবৈৰ বিধায়ক, গুটখা–চিগাৰেটৰ অবৈধ ব্যবসায়ীৰ ওপৰতো ব্যৱস্থা গ্ৰহণ

ৰেড জ'নৰ পৰা আমদানিকৃত শাক-পাচলি, মাছ-মাংস বিক্ৰী কৰি থকা অসাধু ব্যৱসায়ীসকলক দিলে কঠোৰ সকীয়নি।
ৰেড জ'নৰ পৰা আমদানিকৃত শাক-পাচলি, মাছ-মাংস বিক্ৰী কৰি থকা অসাধু ব্যৱসায়ীসকলক দিলে কঠোৰ সকীয়নি।
- News18 Assam
- Last Updated: May 12, 2020, 9:03 AM IST
আৰক্ষী–প্ৰশাসনকো অবৈধ ব্যৱসায়ীসকলৰ বিৰুদ্ধে কঠোৰ হ’বলৈ নিৰ্দেশ দিয়ে। তিনিচুকীয়া জিলাৰ ডিগবৈত উভৈনদী ৰেড জ'নৰ আমদানিকৃত সেউজীয়া শাক-পাচলি, মাছ-মাংস। লকডাউনৰ চৰকাৰী নীতি–নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰি অবৈধ বজাৰ গঢ়ি ৰমৰমীয়া ব্যৱসায় চলাই আহিছে একাংশ অসাধু বেপাৰীয়ে।
বজাৰত অভিযান চলোৱাৰ সময়ত বজাৰৰ ৰূপ দেখি ব্যৱসায়ীৰ ওপৰত খৰ্গগ্ৰস্ত হৈ আৰক্ষী–প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে বিধায়কগৰাকীয়ে। এফালে মানৱ জাতিৰ উদ্ধাৰৰ বাবে চৰকাৰৰ লক ডাউনৰ কঠোৰ নিৰ্দেশ, আনফালে এচামে আইন অমান্য কৰি চলাই যোৱা অতপালিত সকলো ধোঁৱাচাঙত। তাতোকৈ আচৰিত ঘটনা যে, তিনিচুকীয়া জিলাৰ ডিগবৈত চলি থকা বজাৰখনত উভৈনদী ৰে'ড জনৰ পৰা গোপনে আমদানিকৃত শাক-পাচলি।
ডিগবৈৰ নগৰখনৰ ভিতৰুৱা নিৰ্জন এডোখৰ ঠাইত অবৈধভাৱে বহা বজাৰখনত বিধায়কগৰাকীয়ে নিজে উপস্থিত হৈ কঠোৰ স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হ’ল। ৰেড জ'নৰ পৰা আমদানিকৃত শাক-পাচলি, মাছ-মাংস বিক্ৰী কৰি থকা অসাধু ব্যৱসায়ীসকলক দিলে কঠোৰ সকীয়নি। আনকি অতি কদৰ্যময় পৰিৱেশত বহা বজাৰখনত ক্ৰেতা-বিক্ৰেতাৰ দ্বাৰা লকডাউনৰ কোনো নীতি-নিৰ্দেশনা মানি নচলা দেখি হতভম্ব হৈ পৰে বিধায়কগৰাকী। লগে লগে স্থানীয় আৰক্ষী প্ৰশাসনক নিৰ্দেশ দিলে বজাৰখন উচ্ছেদ কৰাৰ।
লকডাউনৰ সময়ছোৱাত নগৰখনৰ লগতে গ্ৰামাঞ্চলত কোনো ক্ষেত্ৰতে যাতে সুৰুঙা নাথাকে তাৰ বাবে চোকা দৃষ্টি ৰাখিবলৈ স্থানীয় আৰক্ষী–প্ৰশাসনক আইন ভংগকাৰীসকলৰ বিৰুদ্ধে কঠোৰ হ'বলৈ নিৰ্দেশ দিয়ে বিধায়কগৰাকীয়ে। ইপিনে লকডাউনৰ গইনা লৈ এচাম অসাধু ব্যবসায়ীয়ে সমগ্ৰ ডিগবৈত নিজা ঘৰৰ পৰা অত্যাধিক মূল্যত পাইকাৰী ৰূপে গুটখা, চিগাৰেট ইত্যাদি ধঁপাতজাতীয় সামগ্ৰীৰ ক’লা বজাৰ চলাই আহিছে যদিও আৰক্ষী–প্ৰশাসনে ৰহস্যজনকভাৱে নীৰৱতা অৱলম্বন কৰা পৰিলক্ষিত হোৱাত বিধায়ক সুৰেন ফুকনে নিজেই অভিযান চলোৱাৰ লগতে আৰক্ষী–প্ৰশাসনকো ব্যৱসায়ীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।