ঠিকাদাৰে লগোৱা কাৰেণ্টৰ কামত বিদ্যুৎস্পৃষ্ট হৈ এদিন আগত মৃত্যু, মেট্ৰিকৰ ফলাফল ওলাল দুৰ্ভগীয়া হৰিদাসৰো...

নতুন বিদ্যুতৰ লাইন পতাৰ কামত এটি ঠিকাদাৰ কোম্পানীয়ে কমবয়সীয়া ছাত্ৰজনক কামত নিয়োজিত কৰিছিল। কিন্তু লাইন টানি থকা অবস্থাত এটি সক্ৰিয় তাঁৰৰ সংস্পৰ্শলৈ আহি ছাত্ৰজনৰ কৰুণ মৃত্যু ঘটে।
নতুন বিদ্যুতৰ লাইন পতাৰ কামত এটি ঠিকাদাৰ কোম্পানীয়ে কমবয়সীয়া ছাত্ৰজনক কামত নিয়োজিত কৰিছিল। কিন্তু লাইন টানি থকা অবস্থাত এটি সক্ৰিয় তাঁৰৰ সংস্পৰ্শলৈ আহি ছাত্ৰজনৰ কৰুণ মৃত্যু ঘটে।
- News18 Assam
- Last Updated: June 6, 2020, 2:01 PM IST
নতুন বিদ্যুতৰ লাইন পতাৰ কামত এটি ঠিকাদাৰ কোম্পানীয়ে কমবয়সীয়া ছাত্ৰজনক কামত নিয়োজিত কৰিছিল। কিন্তু লাইন টানি থকা অবস্থাত এটি সক্ৰিয় তাঁৰৰ সংস্পৰ্শলৈ আহি ছাত্ৰজনৰ কৰুণ মৃত্যু ঘটে। ঠিকাদাৰ কোম্পানীয়ে অধিক মুনাফা লাভৰ কমবয়সীয়া অপৈণত ছাত্ৰক বিপদসংকুল কামত নিয়োজিত কৰাৰ বাৱে এনে দূৰ্ঘটনা সংঘটিত হোৱাত ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে কৰিমগঞ্জৰ নিভিয়া এলেকাত।
ঘটনাৰ বিৱৰণী মতে, কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী সমষ্টিৰ নিভিয়া এলাকাৰ আবাদি বস্তি এলেকাত দীনদয়াল উপাধ্যায় গ্ৰামীণ বৈদ্যুতিকীকৰণ আঁচনিৰ জৰিয়তে নতুন বিদ্যুতৰ লাইন পতাৰ কাৰণে কাম কৰিছিল পায়’নিয়াৰ চিণ্ডিকেট নামৰ এটা ঠিকাদাৰ কোম্পানীয়ে। ঠিকাদাৰ কোম্পানীটোয়ে একমাত্ৰ মুনাফা লাভৰ বাবেই গাওঁৰ অদক্ষ দৰিদ্ৰ আৰু কমবয়সীয়া কৰ্মীকো লাইন পতাৰ কামত লগাইছিল। হৰিদাস দে’ নামৰ ১৬ বছৰীয়া নাবালক দুখীয়া পৰিয়ালৰ কিশোৰজনকো বৈদ্যুতিক তাঁৰ টনাৰ কামত নিয়োজিত কৰিছিল কোম্পানীটোৱে। কিন্তু দুৰ্ভাগ্যৱশতঃ তাঁৰডালৰ কাষত থকা আন এক সক্ৰিয় বিদ্যুৎ পৰিবাহী তাঁৰ ওপৰত পৰাৰ ফলত হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহিত হৈ ঘটনাস্থলীতে প্ৰাণ হেৰুৱালে কিশোৰজনে। নিভিয়া বোধন এইচ. এচ স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ছাত্ৰজন। আজি ফলাফল ওলোৱাৰ পাছত জনা গৈছে ছাত্ৰজনে দ্বিতীয় বিভাগত মেট্ৰিক পাছ কৰিলে। কিন্তু জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষাৰ ফলাফলেৰে জীৱন পোহৰাবলৈ পোৱাৰ আগতেই জীৱন বন্তি নুমাই গ’ল ছাত্ৰজনৰ আৰু এই কৰুণ ঘটনা ঘটিল গাঁওখনক পোহৰ বিলাবলৈ গৈ।