"এয়া আকাশবাণী ডিব্ৰুগড়। পুৱাৰ বাতৰি পঢ়িছো..." ৰেডিঅ'ত পুৱা ভাহি অহা সেই বিশেষ গলগলীয়া কণ্ঠস্বৰ বৰ্তমান বহুতৰে বাবে নষ্টালজিয়া।
"এয়া আকাশবাণী ডিব্ৰুগড়। পুৱাৰ বাতৰি পঢ়িছো..." ৰেডিঅ'ত পুৱা ভাহি অহা সেই বিশেষ গলগলীয়া কণ্ঠস্বৰ বৰ্তমান বহুতৰে বাবে নষ্টালজিয়া।
আধুনিকতাৰ ধামখুমীয়াত ৰেডিঅ'ৰ জনপ্ৰিয়তা হ্ৰাস পালেও এতিয়াও বহু লোক আছে যি ৰেডিঅ'ৰ প্ৰতি অতিকৈ আগ্ৰহী। বৰ্তমান বহুতৰে বাবে নষ্টালজিয়া হৈ পৰা ৰেডিঅ'টোত অনুষ্ঠান শুনিবলৈ কিন্তু এসময়ত প্ৰয়োজন হৈছিল অনুজ্ঞাপত্ৰৰ। বহু লোকে এতিয়াও সযতনে সাঁচি ৰাখিছে সেই অনুজ্ঞাপত্ৰখন। একাংশ লোকে এনআৰচিৰ বাবে প্ৰয়োজনীয় নথি হিচাবেও প্ৰদান কৰিছিল এইখন অনুজ্ঞাপত্ৰ।
"এয়া আকাশবাণী ডিব্ৰুগড়। পুৱাৰ বাতৰি পঢ়িছো..." ৰেডিঅ'ত পুৱা ভাহি অহা সেই বিশেষ গলগলীয়া কণ্ঠস্বৰ বৰ্তমান বহুতৰে বাবে নষ্টালজিয়া। এসময়ত ঘড়ী নোচোৱাকৈ ৰেডিঅ'ৰ অনুষ্ঠান শুনিয়েই বহু লোকে সময় নিৰ্ধাৰণ কৰিছিল। পছন্দৰ গীতটি শুনিবলৈ আগ্ৰহেৰে অপেক্ষা কৰি ৰৈছিল। জোনাক নিশা চোতালত বহি ৰেডিঅ' শুনাৰ আমেজেই আছিল সুকীয়া। এনে এটা সময় আছিল যেতিয়া ৰেডিঅ'ৰ গুৰুত্ব আছিল অপৰিসীম। কিন্তু সময়ৰ পৰিৱৰ্তনৰ সৈতে তাল মিলাই বৰ্তমান 4G-5G ইণ্টাৰনেটৰ যুগত বহুতৰে বাবে ৰেডিঅ' হৈ পৰিল অপ্ৰাসংগিক, হৈ পৰিল এক নষ্টালজিয়া।
কিন্তু একাংশ লোকৰ মাজত এতিয়াও গুৰুত্ব আছে ৰেডিঅ'ৰ। বৰঞ্চ তেওঁলোকে ৰেডিঅ'ক লৈ আজিও গৌৰৱ অনুভৱ কৰে। কাৰণ তেওঁলোকৰ হাতত আছিল ৰেডিঅ'ৰ লাইচেঞ্চ। হয়, আপুনি বিশ্বাস কৰিবলৈ টান পালেও আজিৰ পৰা প্ৰায় ৩৫ বছৰ পূৰ্বলৈকে ৰেডিঅ' শুনিবলৈ প্ৰয়োজন হৈছিল অনুজ্ঞাপত্ৰৰ।
ডাকঘৰৰ পৰা প্ৰদান কৰা এনে ৰেডিঅ' লাইচেঞ্চৰ বাবে বছৰি মাচুল দিব লাগিছিল ১৫ টকাকৈ। প্ৰতি বছৰে নবীকৰণ কৰিব লগা এই অনুজ্ঞাপত্ৰ, নবীকৰণৰ দিন উকলি গ’লে জৰিমনা ভৰিব লাগিছিল প্ৰতি মাহে ১ টকাকৈ। ৰেডিঅ'ৰ লাইচেঞ্চ পৰীক্ষা কৰিবলৈ সেই সময়ত পৰিদৰ্শকো আছিল। যি ৰেডিঅ'ৰ পৰা ভাহি অহা শব্দ অনুসৰণ কৰি মানুহৰ ঘৰলৈ গৈ লাইচেঞ্চ পৰীক্ষা কৰিছিল।
যোৰহাটত এনে বহু লোকে আজিও সযতনে সাঁচি ৰাখিছে মৰমৰ ৰেডিঅ'টোৰ লগতে লাইচেঞ্চখন। তেনে এজন লোক হ’ল যোৰহাট ৰজাবাৰীৰ প্ৰদ্যুন্ম সিং। প্ৰদ্যুন্ম সিঙৰ ঘৰত দুখন ৰেডিঅ' লাইচেঞ্চ আছে। এখন তেওঁৰ আৰু এখন তেওঁৰ দেউতাকে ১৯৬২ চনত লোৱা।
"মই ৰেডিঅ' এতিয়াও শুনো। আগতে ৰেডিঅ'ৰ অনুষ্ঠানবোৰ নিৰ্দিষ্ট সময়তহে চলিছিল। এতিয়া আমি যেতিয়াই মন যায় তেতিয়াই ৰেডিঅ' শুনিব পাৰো। টিভি কাৰেণ্ট থাকিলেহে চাব পাৰি। কিন্তু ৰেডিঅ' শুনিবলৈ কাৰেণ্টৰ দৰকাৰ নাই। মই ৰেডিঅ' ভাল পাও।", প্ৰদ্যুন্ম সিঙে এনেদৰে কয়।
সেই সময়ত অতি আগ্ৰহেৰে এইসকল লোক অপেক্ষা কৰি ৰৈছিল ৰেডিঅ'ৰ পছন্দৰ অনুষ্ঠানটোলৈ। আধুনিকতাৰ ধামখুমীয়াৰ মাজতো কিন্তু তেওঁলোকৰ মাজত এতিয়াও আছে ৰেডিঅ'ৰ প্ৰতি বহু আগ্ৰহ আৰু দুৰ্বলতা। একাংশ লোকে সযতনেৰে সাঁচি ৰখা এই ৰেডিঅ' লাইচেঞ্চখন NRCৰ বাবে প্ৰয়োজনীয় নথি হিচাবেও জমা দিছিল। সেই সময়ত লাইচেঞ্চখনত মাচুল পৰিশোধ কৰাৰ সময়ত ডাকঘৰৰ পৰা বিশেষ ডাকটিকট লগাই দিয়া হৈছিল। এক গুৰুত্বপূৰ্ণ চৰকাৰী নথি হিচাবে যোৰহাটৰ একাংশ লোকে NRCৰ কাৰ্যালয়ত জমা দিছিল তেওঁলোকে গৌৰৱেৰে সাঁচি ৰখা ৰেডিঅ' লাইচেঞ্চখন।
বৰ্তমান আপোনাৰ এনড্ৰইড মোবাইল ফোনটোৰ পৰাই লাগতিয়াল প্ৰায়বোৰ কাম কৰিব পাৰি। তাৰ বাবে ছিম কাৰ্ডো পোৱা যায় বিনামূলীয়াকৈ। কিন্তু ৰেডিঅ' শুনিবৰ বাবে এটা সময়ত কৰ পৰিশোধ কৰি লাইচেঞ্চ লোৱা লোকসকলৰ সেই সোণালী দিনবোৰৰ অভিজ্ঞতা সঁচাকৈয়ে সুকীয়া।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|