உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় নেত্ৰীয়ে কৰিলে নেকি অসমীয়া জাপিক অপমান? AAPৰ কাৰ্যকৰ্তাক আঁঠুকাঢ়ি ক্ষমা খোজাৰ দাবী মন্ত্ৰী পীয়ুষ হাজৰিকাৰ

    আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় নেত্ৰীয়ে কৰিলে নেকি অসমীয়া জাপিক অপমান? AAPৰ কাৰ্যকৰ্তাক আঁঠুকাঢ়ি ক্ষমা খোজাৰ দাবী মন্ত্ৰী পীয়ুষ হাজৰিকাৰ

    গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত এইবাৰ প্ৰতিদ্বন্দিতা আগবঢ়াইছে আম আদমী পাৰ্টীয়ে। বিজেপিৰ বাবেও কিছু কিছু ৱাৰ্ডত দলটোৰ প্ৰাৰ্থীসকল হৈ পৰিছে প্ৰত্যাহ্বান স্বৰূপ।

    গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত এইবাৰ প্ৰতিদ্বন্দিতা আগবঢ়াইছে আম আদমী পাৰ্টীয়ে। বিজেপিৰ বাবেও কিছু কিছু ৱাৰ্ডত দলটোৰ প্ৰাৰ্থীসকল হৈ পৰিছে প্ৰত্যাহ্বান স্বৰূপ।

    গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত এইবাৰ প্ৰতিদ্বন্দিতা আগবঢ়াইছে আম আদমী পাৰ্টীয়ে। বিজেপিৰ বাবেও কিছু কিছু ৱাৰ্ডত দলটোৰ প্ৰাৰ্থীসকল হৈ পৰিছে প্ৰত্যাহ্বান স্বৰূপ।

    • Share this:
    গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত এইবাৰ প্ৰতিদ্বন্দিতা আগবঢ়াইছে আম আদমী পাৰ্টীয়ে। বিজেপিৰ বাবেও কিছু কিছু ৱাৰ্ডত দলটোৰ প্ৰাৰ্থীসকল হৈ পৰিছে প্ৰত্যাহ্বান স্বৰূপ। বুধবাৰে অন্ত পৰিল গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান।

    অন্তিম দিনটোত আম আদমী পাৰ্টীয়ে গুৱাহাটীত বিশাল ৰোডশ্ব কৰি শক্তি প্ৰদৰ্শন কৰে। ভৰলুমুখৰ সোনাৰাম খেলপথাৰৰ পৰা আম আদমী পাৰ্টিয়ে বাহিৰ কৰে এক বিশাল ৰোড শ্ব'। ৰোড শ্বত অংশগ্ৰহণ কৰে নিৰ্বাচনত প্ৰতিনিধিত্ব কৰা ৩৯ টা ৱাৰ্ডৰ প্ৰতিনিধি আৰু সমৰ্থকসকলে। ৰোডশ্বত অংশগ্ৰহণ কৰে আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্যা তথা দিল্লীত হোৱা শৈক্ষিক বিপ্লৱৰ এগৰাকী অন্যতম নায়িকা, দিল্লী বিধানসভাৰ সন্মানীয় সদস্য অতিশীয়ে।

    পিছে এই ৰোডশ্বৰ সময়ত আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় নেত্ৰীগৰাকীয়ে আঘাত কৰিলে নেকি অসমীয়াৰ স্বাভিমানৰ প্ৰতীক জাপিক? বৃহস্পতিবাৰে সংবাদমেল সম্বোধন কৰি মন্ত্ৰী পীয়ুষ হাজৰিকাই দলটোক তীব্ৰ সমালোচনা কৰে।

    মন্ত্ৰী হাজৰিকাৰ অভিযোগ- আম আদমী পাৰ্টীৰ নেত্ৰীগৰাকীয়ে জাপিৰ ওপৰত দলটোৰ প্ৰতীক ঝাড়ু ৰাখি অসমীয়াৰ জাতীয় স্বাভিমানক আঘাত কৰিছে। আৰু ভৱিষ্যতে এনে দুঃসাহসৰ পৰা দলটোক আঁতৰি থাকিবলৈ সকীয়াই দিয়ে পীয়ুষ হাজৰিকাই। কেৱল ইমানেই নহয়, আম আদমী পাৰ্টীৰ প্ৰতিগৰাকী সদস্যক অসমবাসীৰ ওচৰত আঁঠু কাঢ়ি ক্ষমা খোজাৰ দাবী জনায় মন্ত্ৰীগৰাকীয়ে।
    Published by:Himangshu Bhuyan
    First published: