কোৰোণা হেনো বিজেপি চৰকাৰৰ ‘চাল’! কণ্টেইনমেণ্ট জ’নত থকা মহিলাই স্ৱাৱ দিবলৈ কৰিলে অস্বীকাৰ

News18 Assam | News18-Assam
Updated:July 8, 2020, 6:50 PM IST
কোৰোণা হেনো বিজেপি চৰকাৰৰ ‘চাল’! কণ্টেইনমেণ্ট জ’নত থকা মহিলাই স্ৱাৱ দিবলৈ কৰিলে অস্বীকাৰ
ডিব্ৰুগড়ৰ পাঁচআলিত চাঞ্চল্য

ডিব্ৰুগড়ৰ পাঁচআলিত চাঞ্চল্য

  • Share this:
ডিব্ৰুগড়ৰ পাঁচ আলিত চাঞ্চল্য। এগৰাকী মহিলাৰ স্বাৱ সংগ্ৰহ কৰাক লৈ চলিল কেইবাঘণ্টা জোৰা এখন বিশেষ নাটক। দৰ্শক হৈ ৰ’ল স্বাস্থ্য কৰ্মী, আৰক্ষী, জিলা প্ৰশাসনৰ লোকৰ লগতে ওচৰ-চুবুৰীয়া।

পাঁচআলিৰ এটা বিল্ডিঙৰ একেটা পৰিয়ালৰ তিনিজনৰ দেহত কোৰোণা ধৰা পৰাৰ পিছতেই বিল্ডিঙটোত থকা পৰিয়ালৰ বাকী সকলৰ স্বাৱ টেষ্ট কৰাবলৈ উপস্থিত হৈছিল স্বাস্থ্যকৰ্মী।  কিন্তু  চাহেৰা বেগম নামৰ মহিলাগৰাকী অমান্তি হয় নিজৰ স্বাৱ দিবলৈ। চাহেৰা বেগমৰ মন্তব্য ‘এইবিলাক কোৰোণা একো নাই, সকলো বিজেপি চৰকাৰৰ চাল, সকলোকে অশান্তি কৰিছে চৰকাৰে।’

চাহেৰা বেগমৰ স্বামী আৰু পুত্ৰৰ স্বাৱ সংগ্ৰহ কৰাৰ পাছতেই স্বাস্থ্য কৰ্মী এক প্ৰকাৰ বিবুদ্ধিত পৰে চাহেৰা বেগমকলৈ। মহিলা গৰাকীক স্বামীৰ লগতে ওচৰ-চুবুৰীয়াৰ, স্বাস্থ্য কৰ্মী, আৰক্ষী সকলোবোৰ বুজোৱাৰ চেষ্টা চলাই যদিও  নিজৰ স্থিতিতেই অটল থাকে মহিলাগৰাকী।

এনেদৰে সকলোৱে প্ৰায় তিনি ঘণ্টা বুজোৱাৰ পিছত স্বামীৰ সহযোগত স্বাস্থ্য কৰ্মীয়ে ধৰি-বান্ধি সংগ্ৰহ কৰে মহিলাগৰাকীৰ স্বাৱ। স্বাৱ সংগ্ৰহৰ পাছতেই আকৌ অচেতন হৈ পৰাৰো নাটক ৰচনা কৰে মহিলা গৰাকীয়ে।
Published by: Himangshu Bhuyan
First published: July 8, 2020, 6:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading