বগীবিল দলঙেই যেন কাল হ’ল প্ৰজ্ঞানৰ বাবে! দেওবাৰে সন্ধিয়া বগীবিল দলঙৰ ওপৰত হোৱা এক পথ দুৰ্ঘটনাত মৃত্যু হয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গনিত বিভাগৰ মেধাৱী ছাত্ৰ প্ৰজ্ঞান জ্যোতি পৰাশৰ। সোমবাৰে অনুস্থিত হ’ব লগীয়া বিশ্ববিদ্যালয়ৰ আনুষ্ঠানিক বিদায় সভাৰ আগমুহূৰ্তত সমনীয়াৰ সৈতে দেওবাৰে আবেলি ফুৰিবলৈ গৈছিল বগীবিল দলং অভিমুখে ।
![]()
কিন্তু এসময়ত চল্ট ব্ৰুক আৰু যোৰহাটৰ জিষ্ট একাডেমীত অধ্যয়ন কৰা মেধাসম্পন্ন ছাত্ৰজনৰ বাবে সপোনৰ দলংখনত যেন ৰৈ আছিল নিয়তি। সন্ধিয়া প্ৰায় ৭ বজাত ধেমাজিৰ পৰা বিশ্ববিদ্যালয়লৈ ঘূৰি আহোঁতে বগীবিল দলঙৰ সমীপত প্ৰজ্ঞানৰ স্কুটি খন দুৰ্ঘটনাত পতিত হয় । গুৰুতৰ ভাবে আহত হয় প্ৰজ্ঞানৰ লগতে বিশ্ববিদ্যালয়ৰ আন এজন ছাত্ৰ।
নামৰূপৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ আহিছিল প্ৰজ্ঞান । দূৰ্ঘটনাত পতিত হোৱাৰ পিছত ততাতৈয়াকৈ দুয়োকে চিকিত্সালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে প্ৰজ্ঞানক। এই ঘটনাৰ পাছতেই এতিয়া শোকৰ ছাঁ পৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত।
সোমবাৰে ছাত্ৰজনৰ নশ্বৰ দেহ সমদল কৰি লৈ অহা হয় ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ। বিশ্ববিদ্যালয়ৰ চৌহদত তেওঁৰ নশ্বৰ দেহ আহি পোৱাৰ লগে লগে কান্দোনৰ ৰোল উঠে সমগ্ৰ বিশ্ববিদ্যালয়ৰ চৌহদত ।
পিছত নামৰূপৰ নিজা ঘৰত ঘৰত সন্ধিয়া অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় প্ৰজ্ঞানৰ। মেধাসম্পন্ন ছাত্ৰজনৰ মৃত্যুৰ পিছতে সোমবাৰে বিশ্ববিদ্যালয়ৰ সকলো কাম কাজ বন্ধ ৰখা হয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|