ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ৰঞ্জিত তামুলীক নিলম্বন। ৰাজ্যপালৰ তদন্ত কমিটীয়ে দাখিল কৰা প্ৰতিবেদনৰ পিছতে নিলম্বন কৰা হয় উপাচাৰ্যগৰাকীক। বিগত কিছুদিন ধৰি বিশ্ববিদ্যালয়খনৰ বিতৰ্কিত উপাচাৰ্য ড° ৰঞ্জিত তামুলীৰ বিৰুদ্ধে দুৰ্নীতি, ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপিত হৈ আহিছিল।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষক ,কৰ্মী সন্থা, আছু গোট তথা ছাত্ৰ ছাত্ৰী, বিধায়ক ঋতুপৰ্ণ বৰুৱাইয়ো তদন্তৰ দাবী তুলিছিল। ফলত ৰাজ্যপালৰ নিৰ্দেশনা অনুসৰি চাৰিজনীয়া দলে চলাইছিল তদন্ত। তদন্তত ড° ৰঞ্জিত তামুলীৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ সত্যতা নিৰূপণ হোৱাৰ পিছতে নিলম্বন কৰা হয়। বৰ্তমান ভাৰপ্ৰাপ্ত উপাচাৰ্য হিচাপে প্ৰফেছাৰ আৰ এন যাদৱক দায়িত্বভাৰ অৰ্পণ কৰা হয়।
যোৱা ৩ ফেব্ৰুৱাৰীত তদন্তকাৰী দল বিশ্ববিদ্যালয়খনত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছিল। তদন্তকাৰী দলটোত আছিল উচ্চ শিক্ষা সংসদৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়া, উজনি অসম আয়ুক্ত মলয় বৰা, ফৰেণচিকৰ বিজ্ঞানী ৰাজীৱ শেনচোৱা আৰু ইচৰাফিল মুছাহাৰী।
দলটোৱে যোৱা ৯ ফেব্ৰুৱাৰীত আচাৰ্য তথা ৰাজ্যপালৰ ওচৰত দাখিল কৰিছিল প্ৰতিবেদন । ইয়াৰ পিছতে আজি এক নিৰ্দেশনা যোগে নিলম্বন কৰা হয় ড° ৰঞ্জিত তামুলীক ।
বিত্তীয় অনিয়ম তথা বিশ্ববিদ্যালয়ৰ পুঁজিৰ অপব্যৱহাৰ , বিশ্ববিদ্যালয়ত সৃষ্টি হোৱা বিশৃংখল পৰিৱেশ, পদ তথা ক্ষমতাৰ অপব্যৱহাৰ আদিৰ বাবেই নিলম্বন কৰা হয় ড° ৰঞ্জিত তামুলীক।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|