ডিব্ৰুগড় বিশ্ববিদ্যালয় (Dibrugarh University) ৰ শিক্ষাৰ নামত বিয়াগোম কেলেংকাৰী সংঘটিত কৰাৰ অপৰাধত অৱশেষত বৰ্খাস্ত হ’ল নিলম্বিত উপাচাৰ্য ড০ ৰঞ্জিত তামুলী (Dr Ranjit Tamuli)। সোমবাৰে বিশ্ববিদ্যালয়ৰ আচাৰ্য ৰাজ্যপাল জগদী মুখীয়ে বৰ্খাস্ত কৰে উপাচাৰ্য তামূলীক।
উল্লেখ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সদ্য অপসাৰিত উপাচাৰ্যই বিশ্ববিদ্যালয়ৰ প্ৰায় ৫ কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰিছিল। সোমবাৰে অৰ্থাৎ ২২ নবেম্বৰত ৰাজ্যপাল জগদীশ মুখী (Governor Jagadish Mukhi)ৰ নিৰ্দেশ অনুসৰি চাকৰিৰ পৰা অপসাৰণ কৰা হয় তামূলীক। বিশ্ববিদ্যালয়ৰ বিষয়া সন্থাৰ লগতে কৰ্মচাৰী সন্থায়ো তদন্ত কমিটীক তামূলীৰ দুৰ্নীতিৰ অভিযোগ দাখিল কৰিছিল অভিযোগ। আনহাতে একেটা গোচৰত নাম সাঙোৰ খাই থকা আন দুই অভিযুক্ত পঞ্জীয়ক ড০ হৰিশ চন্দ্ৰ মহন্ত আৰু উপ পঞ্চীয়ক দিগন্ত বৰা বৰ্তমানো পলাতক হৈ আছে
News in Assamese।
বৰ্তমান অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই ৰাজ্যপালক এই কেলেংকাৰীৰ অভিযোগ দাখিল কৰিছিল। ইয়াৰ পাছতে ১১ ফেব্ৰুৱাৰীত নিলম্বিত হৈছিল ড০ তামূলী। উপাচাৰ্য তামূলীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ঋতুপৰ্ণ বৰুৱাই কয় যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কালিমা সনা উপাচাৰ্যৰ এই দুৰ্নীতিৰ বিৰুদ্ধে ৰাজ্যপালে উচিত সিদ্ধান্তই গ্ৰহণ কৰিছে৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|