অৱশেষত গ্ৰেপ্তাৰ হ’ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰী। লেখাপানী থানাত আত্মসমৰ্পণৰ পিছতে গ্ৰেপ্তাৰ কৰা হয় ৰাহুলক। বিগত ৯ দিন ধৰি অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানত আত্মগোপন কৰি আছিল ৰাহুল ছেত্ৰীয়ে।
গ্ৰেপ্তাৰৰ পিছতে নিজকে নিৰ্দোষী সজোৱাৰ চেষ্টা ৰাহুল ছেত্ৰীৰ। মূল অভিযুক্ত ৰাহুল ছেত্ৰীয়ে ক’লে – ‘‘এই ঘটনাত মোৰ কোনো ধৰণৰ সম্পৰ্ক নাই। কেনেকৈ মোৰ নাম সাঙোৰ খাইছে মই নিজে আচৰিত হৈছো। যোৱা কিছুদিনত ধূৱলি–কুঁৱলী পৰিৱেশৰ সৃষ্টি হ’ল, যাৰ বাবে মই আঁতৰি থাকিব লগা হ’ল। মোক এজন ধুৰন্ধৰ অপৰাধী হিচাপে দেখুওৱা হ’ল। সামাজিক মাধ্যমত কয়লা মাফিয়া ৰূপে দেখুওৱা হৈছে।’’
‘‘মোক এজন ধুৰন্ধৰ অপৰাধী হিচাপে দেখুওৱা হ’ল। সামাজিক মাধ্যমত কয়লা মাফিয়া ৰূপে দেখুওৱা হৈছে। মোক লগ পালেই যেন মাৰি পেলাব। নিৰাপত্তাহীনতাত ভুগি মই আঁতৰি আছিলো। এতিয়া মই আইনী প্ৰক্ৰিয়াত সহযোগ কৰিব বিচাৰো। যাৰ বাবে মই ওলাই আহিছো।’’ – ক’লে ৰাহুলে।
ৰাহুলে কয়, মোক ৱাণ্টেড বনাই দিয়া হ’ল, সামাজিক মাধ্যমত আক্ৰমণ কৰা হ’ল। সকলোৱে জানে ন্যায়ৰ নামত কেনেকৈ এনকাউণ্টাৰ হৈ আছে। মই এতিয়া আইনক সহায়–সহযোগ কৰিব বিচাৰিছো। এই ৰেগিং কাণ্ডৰ তদন্ত হওক, সত্য আৰু ন্যায় প্ৰতিষ্ঠা হওক। ময়ো ন্যায় বিচাৰিছো আৰু আনন্দ শৰ্মায়ো ন্যায় পাওক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|