• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰেগিং কাণ্ডৰ মাষ্টাৰমাইণ্ড ৰাহুল ছেত্ৰীৰ আত্মসমৰ্পণ, বিগত ৯ দিন ধৰি ক’ত আছিল ৰাহুল?

ৰেগিং কাণ্ডৰ মাষ্টাৰমাইণ্ড ৰাহুল ছেত্ৰীৰ আত্মসমৰ্পণ, বিগত ৯ দিন ধৰি ক’ত আছিল ৰাহুল?

ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে চমজি লৈছে ৰাহুলক। বিগত কেইদিনত অৰুণাচল প্ৰদেশত আত্মগোপন কৰি আছিল ৰাহুলে।

  • Share this:
অৱশেষত আত্মসমৰ্পণ কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল খলনায়ক ৰাহুল ছেত্ৰীয়ে। আত্মসমৰ্পণৰ পিছতে গ্ৰেপ্তাৰ কৰা হয় ৰাহুল ছেত্ৰীক। লেখাপানী আৰক্ষী থানাত আত্মসমৰ্পণ কৰিছে ৰাহুল ছেত্ৰীয়ে। ৯ ডিন ধৰি পলাতক হৈ আছিল ৰাহুল ছেত্ৰী।

ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে চমজি লৈছে ৰাহুলক। বিগত কেইদিনত অৰুণাচল প্ৰদেশত আত্মগোপন কৰি আছিল ৰাহুলে। নিৰাপত্তাহীনতাত ভুগি আত্মগোপন কৰি থকা বুলি এটা ভিডিঅ’ত উল্লেখ কৰে ৰাহুলে। এতিয়া আইনী প্ৰক্ৰিয়াত সহযোগ কৰিব বুলিও প্ৰকাশ কৰে ৰেগিং কাণ্ডৰ অভিযুক্তজনে।

ৰাহুলে কয়, ‘‘আইনৰ ছাত্ৰ হিচাপে ন্যায় ব্যৱস্থাৰ ওপৰত মোৰ আস্থা আছে। সমগ্ৰ ঘটনা আইনৰ ওচৰত ব্যক্ত কৰিম। আইনে উচিত ন্যায় প্ৰদান কৰিব। যাৰ বাবে মই এতিয়া ওলাই আহিছো। এক ভাল তদন্ত হ’ব, মই ন্যায় পাম আৰু আনন্দ শৰ্মায়ো ন্যায় পাব।’’
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি