ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ ভুক্তভোগী আনন্দ শৰ্মাক উন্নত চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ নিয়া হ’ব। দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হ’ব আনন্দক। ৰেগিং–কাণ্ডৰ বলি আনন্দ শৰ্মাক প্ৰয়োজন জটিল অস্ত্ৰোপচাৰৰ।
মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে যাৱতীয় সকলো ব্যৱস্থাৰ নিৰ্দেশ দিছে। ৰাজহাড় ভঙাৰ লগতে হাত, ভৰি–বুকুতো গুৰুতৰ আঘাত পাইছে আনন্দই। শৰীৰৰ কেইবাটাও অংগ প্ৰায় অচল হৈ পৰিছে। যন্ত্ৰণাত থাকিব নোৱাৰি ছটফটাই আছে আনন্দ শৰ্মা।
ইফালে, ডিব্ৰুগড় ৰেগিং কাণ্ডৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰা হৈছে। PNGB হোষ্টেলৰ তিনি ৱাৰ্ডেনক জেৰা। দিব্যজ্যোতি দত্ত, পলাশ দত্ত আৰু আবু মুস্তাকুৰক জেৰা। কেইবাঘণ্টা ধৰি জেৰা ডিব্ৰুগড় আৰক্ষীৰ। ADC সংঘমিত্ৰা বৰুৱাৰ নেতৃত্বত আৰম্ভ হৈছে তদন্ত প্ৰক্ৰিয়া। পঞ্জীয়ক পৰমানন্দ সোণোৱালকো কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত জেৰা চলোৱা হৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|