ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক ধ্ৰুৱজ্যোতি চৌধুৰীৰ কু–কীৰ্তিয়ে জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। তোলপাৰ ছচিয়েল মিডিয়াও। যুৱতীৰ সৈতে পৰ্ণ ভিডিঅ’ নিৰ্মাণ কৰি পৰ্ণ ছাইটত আপলোড কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ সহকাৰী অধ্যাপক ধ্ৰুৱজ্যোতি চৌধুৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে। ধ্ৰুৱজ্যোতি চৌধুৰীৰ বিৰুদ্ধে ১০৪৪/২০ নম্বৰত ৰুজু হৈছে গোচৰ।
এই ঘটনাৰ পিছতে উক্ত যুৱতীগৰাকীক লৈ ব্যাপকভাৱে চৰ্চিত হৈছিল ছচিয়েল মিডিয়াত। কোন যুৱতীৰ সৈতে অবৈধ সম্পৰ্কত লিপ্ত হৈছিল ধ্ৰুৱজ্যোতি চৌধুৰী? একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি, মহিলাগৰাকীৰ ঘৰ নামনি অসমত। ধ্ৰুৱজ্যোতিৰ সৈতে মহিলাগৰাকীৰ শৈশৱৰ চিনাকী। যিখন হাইস্কুলত অধ্যয়ন কৰিছিল যুৱতীগৰাকীয়ে পিছলে সেইখন স্কুলতে শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত আছিল। ২০১২ চনত এজন ব্যৱসায়ীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল যুৱতীগৰাকী। মহিলাগৰাকীৰ আছে এটি ৫ বছৰীয়া সন্তানো।
‘জনমভূমি’ত প্ৰকাশ পোৱা মতে, অশ্লীল ভিডিঅ’ত গণিত বিভাগৰ অধ্যাপকগৰাকীৰ সৈতে আছিল গুৱাহাটীৰ এখন মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপিকা। ইতিমধ্যে অধ্যাপিকাগৰাকীৰ বিৰুদ্ধে মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাই মুকলিকৈ দাখিল কৰিছে অভিযোগ। ঘটনা সন্দৰ্ভত মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক আৰু সভাপতিয়ে অধ্যক্ষলৈ পত্ৰ লিখি অধ্যাপিকাগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|