উজনি অসমৰ শৈক্ষিক প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত জঘন্য তথা ঘৃণনীয় ঘটনা।
নিজৰ অশ্লীল ভিডিঅ' ৱেবচাইটত আপলোড কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ সহকাৰী অধ্যাপক ধ্ৰুৱজ্যোতি চৌধুৰী। কেৱল ইমানেই নহয়, আন একাংশ কমবয়সীয়া যুৱতীৰ সৈতেও অধ্যাপকগৰাকীয়ে পৰ্ণ ভিডিঅ’ নিৰ্মাণ কৰাৰ অভিযোগ। অৱশেষত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড: হৰিশ্চন্দ্ৰ মহন্তৰ এজাহাৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গণিত বিভাগৰ সহকাৰী অধ্যাপক ধ্ৰুৱজ্যোতি চৌধুৰীক।
![]()
এগৰাকী যুৱতীৰ সৈতে কৰা অশ্লীল ভিডিঅ' পৰ্ণ চাইটত আপলোড কৰাৰ পাছতেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ডিব্ৰুগড় আৰক্ষীয়ে ১০৪৪/২০ নম্বৰৰ অধীনত গোচৰ পঞ্জীয়ন কৰি লম্পট অধ্যাপক জনক বৰ্তমান জেৰা অব্যাহত ৰাখিছে। ইতিমধ্য অধ্যাপক ধ্ৰুৱজ্যোতি চৌধুৰীয়ে আৰক্ষীৰ আগত স্বীকাৰ কৰিছে অশ্লীল ভিডিঅ নিৰ্মাণ কৰাৰ কথা।
গুৱাহাটীৰ হোটেলৰ কোঠাত ৰহস্যময়ী মহিলাৰ হৈতে গোপন অভিসাৰত লিপ্ত হোৱা বহু অশ্লীল ভিডিঅ অধ্যাপকজনে নিজৰ কেমেৰাত বন্দী কৰিছিল। লোকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে কেমেৰাটো ডিব্ৰুগড় চহৰৰ আমোলাপতট্টিৰ বাসগৃহৰ পৰা জব্দ কৰিছে। ইফালে এই পৰ্ণ ভিডিঅ’সমূহৰ সৈতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কোনো ছাত্ৰী জড়িত নাই বুলি আৰক্ষী অধীক্ষক জনে স্পষ্টকৈ প্ৰকাশ কৰাৰ লগতে কোনো লোকে যদি বিশ্ববিদ্যালয়ৰ ছাত্ৰী জড়িত থকাৰ কথা বিয়পাই তেন্তে সেই লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হব বুলিও উল্লেখ কৰিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|