বহু প্ৰত্যাশিত ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ নিৰ্বাচন।কোন হ'ল নতুন সভাপতি, সম্পাদক?

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্র একতা সভাৰ নিৰ্বাচনত সভাপতি পদত পৱন গগৈ আৰু সাধাৰণ সম্পাদকৰ পদত হিমালয় বাৰিকৰ জয়লাভ।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্র একতা সভাৰ নিৰ্বাচনত সভাপতি পদত পৱন গগৈ আৰু সাধাৰণ সম্পাদকৰ পদত হিমালয় বাৰিকৰ জয়লাভ।
- News18 Assam
- Last Updated: April 8, 2021, 10:35 PM IST
উজনিৰ উচ্চ শিক্ষাৰ প্ৰাণ কেন্দ্ৰ তথা বৌদ্ধিক পিঠস্থান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰন নিৰ্বাচন বৃহস্পতিবাৰে সুকলমে অনুস্থিত হৈ যায়।ছাত্ৰ ৰাজনীতিৰ দুৱাৰদলি স্বৰূপ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আজি পুৱা ৮ বজাৰ পৰা বিয়লি ২ বজালৈ সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে ভোটগ্ৰহণ সমাপ্ত হয়।
উল্লেখ্য যে ছাত্ৰ একতা সভাৰ দুটা কাৰ্যকাল নোহোৱাকৈ দীঘদিনৰ মুৰকত আজি অনুষ্ঠিত এই নিৰ্বাচনত বা পূৰ্বে কোনো হিংসাত্মক ঘটনা সংঘটিত নোহোৱাতো এক ইতিবাচক দিশ বুলি বিবেচিত হৈছে।পূৰ্বে নিৰ্বাচনৰ সময়ত বহু এনে হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ নজিৰ আছে।বহু বাদ-বিসম্বাদ,ছাত্ৰ পক্ষৰ আন্দোলন আদিৰ বিসংগতিৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন বিৰ্গত দুটা বছৰে অনুষ্ঠিত নোহোৱাকৈ থকাৰ লগতে দুটা শৈক্ষিক বৰ্ষ স্নাতকোত্তৰ ছাত্র একতা অবিহনেই শেষ হল। ২০১৮-১৯ আৰু ১৯-২০ বৰ্ষৰ নিৰ্বাচন অনুষ্ঠিত নোহোৱাকৈ থকাৰ পাছত এইবাৰ ২০২০-২০২১ বৰ্ষৰ বাবে নিৰ্বাচন আজি শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত হয়।