ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কোৰোণা পজিটিভ! ৭ দিনলৈ কণ্টেইনমেণ্ট জ'ন ঘোষণা

ৰাজ্যত পুনৰ কোৰোণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।
ৰাজ্যত পুনৰ কোৰোণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।
- News18 Assam
- Last Updated: February 22, 2021, 10:11 PM IST

বিশ্ববিদ্যালয়ৰ ড° ভূপেন হাজৰিকা পৰিবেশ্য কলা অধ্যয়ন কেন্দ্ৰত দুগৰাকী শিক্ষাৰ্থীৰ দেহত কোভিড পজিটিভ পোৱাৰ পিছতে বিশ্ববিদ্যালয়ৰ চৌহদত এক আতংকই বিৰাজ কৰিছে। ঘটনাৰ গুৰুত্ব আৰু সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি আজি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই ড° ভূপেন হাজৰিকা পৰিবেশ্য কলা অধ্যয়ন কেন্দ্ৰটো সাত দিনৰ বাবে কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰিছে।