
পৰীক্ষাৰ্থীসকলে ফলাফল সমূহ www.examtc.com, www.indiaresults.com আৰু www.dibru.com ৱেবছাইট যোগেদিও লাভ কৰিব বুলি জনাইছে বিশ্ববিদ্যালয়খনৰ পৰীক্ষা নিয়ন্ত্ৰকে।
পৰীক্ষাৰ্থীসকলে ফলাফল সমূহ www.examtc.com, www.indiaresults.com আৰু www.dibru.com ৱেবছাইট যোগেদিও লাভ কৰিব বুলি জনাইছে বিশ্ববিদ্যালয়খনৰ পৰীক্ষা নিয়ন্ত্ৰকে।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীন স্নাতক কলা শাখাৰ ষষ্ঠ তথা চূড়ান্ত ষান্মাসিকৰ পৰীক্ষাৰ ফলাফল ঘোষণা। কলা শাখাৰ স্নাতক চূড়ান্ত ষান্মাসিকত সন্মানীয় ( major) বিষয় লৈ পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ ২১,৪১১ গৰাকী ছাত্ৰ–ছাত্ৰী। ইয়াৰে ৭২৮৮ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। উত্তীৰ্ণৰ হাৰ ৩৪.৬৪ শতাংশ। উত্তীৰ্ণসকলৰ ভিতৰত ২১৩২ গৰাকী ছাত্ৰ আৰু ৫১৫৬ গৰাকী ছাত্ৰী।
আনহাতে, কলা শাখাৰ স্নাতক চূড়ান্ত ষান্মাসিকৰ পৰীক্ষাত সাধাৰণ পাঠ্যক্ৰম লৈ অৱতীৰ্ণ হৈছিল মুঠ ৫৩৪৯ গৰাকী ছাত্ৰ–ছাত্ৰী। ইয়াৰ ভিতৰত উত্তীৰ্ণ হৈছে ৭১৮ গৰাকী পৰীক্ষাৰ্থী। উত্তীৰ্ণৰ হাৰ ১৩.৪২ শতাংশ। পৰীক্ষাৰ্থীসকলে ফলাফল সমূহ www.examtc.com, www.indiaresults.com আৰু www.dibru.com ৱেবছাইট যোগেদিও লাভ কৰিব বুলি জনাইছে বিশ্ববিদ্যালয়খনৰ পৰীক্ষা নিয়ন্ত্ৰকে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|