ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডক লৈ ৰাজ্যত তীব্ৰ চৰ্চা চলি থকাৰ মাজতে আজি বিশ্ববিদ্যালয়খনৰ এণ্টি-ৰেগিং কমিটিৰ এখন জৰুৰী সভা অনুষ্ঠিত হয়।
সভাত বিশ্ববিদ্যালয়খনৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰ নিবাসত সদ্যহতে সংঘটিত জঘন্য ৰেগিং কাণ্ডৰ সৈতে জড়িত থকা বুলি তথ্য পোৱাৰ অন্তত ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগুলেছন্ছ ফৰ প্ৰহিবিটিং ৰেগিং এণ্ড এণ্টি ৰেগিং মেইজাৰ্ছৰ ক্লজ নম্বৰ ৭(ix) অনুসৰি আৰু ৪জন ছাত্ৰক বহিষ্কাৰ কৰা হয়।
ছাত্রকেইজনক ততালিকে প্রযোজ্য হোৱাকৈ বিশ্ববিদ্যালয়খনৰ পৰা বহিষ্কাৰ কৰাৰ লগতে অন্যান্য শিক্ষানুষ্ঠানত তিনি বছৰ সময় পর্যন্ত নামভৰ্তি কৰা প্ৰক্ৰিয়াৰ পৰা বাৰণ কৰা হয়।
এই চাৰি ছাত্ৰ হৈছে- জীৱ বিজ্ঞান বিভাগৰ তৃতীয় ষাণ্মাসিকৰ ছাত্ৰ গালৰ ডেকা, গণিত বিভাগৰ তৃতীয় ষাণ্মাসিকৰ ছাত্ৰ কমলেশ্বৰ চুতীয়া, প্রায়োগিক ভূতত্ত্ব বিভাগৰ তৃতীয় ষাণ্মাসিকৰ ছাত্ৰ মৌচুম ফুকন আৰু ভাষা অধ্যয়ন কেন্দ্ৰৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ চাও পুচেং খাম বৰুৱা।
পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাৱাসৰ তিনিওটা ব্লকৰ লগতে মফিজুদ্দিন আহমদ হাজৰিকা ছাত্ৰাৱাস আৰু মাইলছ ব্ৰন্সন ছাত্ৰৱাসৰ অধ্যক্ষসকলক অব্যাহতি দি তলত নাম উল্লেখ কৰা বিশ্ববিদ্যালয়খনৰ শিক্ষকসকলক নতুনকৈ অধ্যক্ষ হিচাপে নিয়োগ কৰা হয়।
সেই অনুসৰি পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসৰ ব্লক এত ড০ অমৰ উপাধ্যায় (সহযোগী অধ্যাপক, শিক্ষাতত্ত্ব বিভাগ), ব্লক বিত ড০ প্রাণজিত কলিতা (সহকাৰী অধ্যাপক, প্রায়োগিক ভূতত্ত্ব বিভাগ) আৰু ব্লক চিত ড০ প্রাঞ্জল প্রতীম বুঢ়াগোহাঁইক (সহযোগী অধ্যাপক, অর্থনীতি বিভাগ) অধ্যক্ষ ৰূপে দায়িত্ব দিয়া হৈছে।
আনহাতে মফিজুদ্দিন আহমদ হাজৰিকা ছাত্ৰাৱাসত ড০ মণ্টু বড়োক (সহযোগী অধ্যাপক, শাৰীৰিক শিক্ষা আৰু ক্রীড়া অধ্যয়ন কেন্দ্ৰ) আৰু মাইলছ ব্ৰন্সন ছাত্রাৱাসত কৌশিক দাসক (সহকাৰী অধ্যাপক, ডিব্ৰুগড় বিশ্ববিদ্যালয় ইনষ্টিটিউট অৱ ইঞ্জিনিয়াৰিং এণ্ড টেকনলজী) অধ্যক্ষ ৰূপে দায়িত্ব দিয়া হৈছে।
ইয়াৰ লগতে বিশ্ববিদ্যালয়ৰ চৌহদত ৰেগিং নিৰ্মূল কৰাৰ হকে এণ্টি-ৰেগিং ভিজিলেন্স ছেল গঠন কৰা হয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|