ৰেগিং কাণ্ডক লৈ ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সংবাদমেল। দেওবাৰৰ ঘটনাত দুখ প্ৰকাশ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ। ভৱিষ্যতে যাতে এনেধৰণৰ ঘটনা সংঘটিত নহয় তাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথাও উল্লেখ কৰে এণ্টি ৰেগিং কমিটীয়ে।
সংবাদমেলত কৰ্তৃপক্ষই উল্লেখ কৰে যে চিকিৎসাধীন ছাত্ৰ আনন্দ শৰ্মাৰ চিকিৎসাৰ দায়িত্ব ল’ব বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ নিয়াৰ বাবেও সাজু বিশ্ববিদ্যালয় কৰ্তৃপক্ষ।
মূল অভিযুক্ত ৰাহুল ছেত্ৰীক বাদ বাকী চাৰিজনক শ্ৰেণীত উপস্থিত থকাৰ পৰা বাৰণ কৰা হৈছে। ৰাহুল হ’ল বিশ্ববিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ। ৰাহুল ছাত্ৰীক বিশ্ববিদ্যালয়ত কেম্পাচত প্ৰৱেশ কৰিব নোৱাৰাকৈ বিহিত ব্যৱস্থা লোৱা হ’ব। আন ১৮জন ছাত্ৰক পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰাবাসৰ পৰা বহিষ্কাৰ কৰা হৈছে আৰু সাময়িকভাৱে শ্ৰেণীকোঠাত উপস্থিত থকাৰ পৰা বাৰণ কৰা হৈছে।
বহিষ্কৃতকেইজন হ’ল গালব ডেকা, নিৰঞ্জন যাদৱ, কল্যাণ দত্ত, সীমান্ত হাজৰিকা, প্ৰাণজিৎ বৰুৱা, চন্দনজ্যোতি বৰা সোণোৱাল, শিৱম শ্ৰফ, পাছাংখাম বৰুৱা, পল্লৱ বৰা, চিত্ৰবন বৰুৱা, নাৰায়ণ অধিকাৰী, নয়নজিৎ ঠেঙাল, মনোৰঞ্জন দাস, মৌচম ফুকন, বিশাল ডেকা, নৱদ্বীপ শৰ্মা, দেৱাশিস বিশ্বাস আৰু অমৰজ্যোতি নাথ। আটাইকে হোষ্টেল খালী কৰাৰ নিৰ্দেশ দিয়া হৈছে।
নিৰঞ্জন ঠাকুৰ, সীমান্ত হাজৰিকা আৰু প্ৰাণজিৎ বৰুৱাক আটক কৰা হৈছে সোধা–পোছাৰ বাবে। কমল কৃষ্ণ কাকতি নামৰ ছাত্ৰজনক আগন্তুক পৰীক্ষাসমূহত উপস্থিত থকাৰ পৰা বাৰণ কৰা হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|