ডিব্ৰুগড়ৰ লেপেটকটাত সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনা
ডিব্ৰুগড়ৰ লেপেটকটাত সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনা
ডিব্ৰুগড়ৰ লেপেটকটাত সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনা। বৰযাত্ৰী কঢ়িওৱা বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত মৃত্যুক সাৱটে ৬ জনকৈ লোকে। বৃহস্পতিবাৰে পুৱা ৩৭ নং ঘাইপথৰ কাষত ৰখাই থোৱা এখন ট্ৰেইলাৰত খুন্দা মাৰে বৰযাত্ৰীৰ লগত যোৱা এখন বলেৰ’ গাড়ীয়ে। দুৰ্ঘটনাত নিহত হোৱা সকলৰ নাম হেম বৰা, মদন বৰা, জীৱক শইকীয়া, প্ৰকাশ দাস, কনপাই ভূঞা, দেৱ বৰা বুলি জানিব পৰ গৈছে।
ধেমাজিৰ পৰা ডিব্ৰুগড়ৰ কুটোহা অভিমুখে আহি থাকোতেই সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। নিহত সকলৰ ৫ জনৰ ঘৰ ডিব্ৰুগড়ৰ ভগামূৰত। আনহাতে নিহত বলেৰ’ খনৰ চালক প্ৰকাশ জ্যোতি দাসৰ ঘৰ লেপেটকটা নতুন গাঁৱত।
উল্লেখযোগ্য যে ডিব্ৰুগড় ভগামূৰৰ প্ৰফুল্ল ভূঞাৰ পুত্ৰ প্ৰাঞ্জল ভূঞাৰ বিয়া আছিল। ধেমাজিৰ চিচিৰবৰ গাঁৱৰ পৰা সামাজিক ৰীতি নীতি অনুসৰি আনিবলৈ গৈছিল কইনা।
ঘটনাৰ ফলত এতিয়া সমগ্ৰ অঞ্চলতে গভীৰ শোকৰ ছাঁ পৰিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|