ডিব্ৰুগড়ত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা, দুই শিশু, মহিলাসহ ৫ জন অগ্নিদগ্ধ হৈ থিতাতে নিহত
News18-Assam Updated:October 19, 2019, 10:19 AM IST

ঘৰত শুই থকা অৱস্থাত সংঘটিত হয় অগ্নিকাণ্ড
ঘৰত শুই থকা অৱস্থাত সংঘটিত হয় অগ্নিকাণ্ড
- News18 Assam
- Last Updated: October 19, 2019, 10:19 AM IST
শুকুৰবাৰে নিশা ডেৰ বজাত সংঘটিত হয় এই ভয়ংকৰ কাণ্ড। অগ্নিকাণ্ডৰ সময়ত শুই আছিল ঘৰৰ আটাইকেইগৰাকী। ফলত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু পৰিয়ালটোৰ। নিহত মাতৃ মায়া দেৱী, পুত্ৰ বিশাল সোণাৰ। দুই নাতি শিবু সোণাৰ, শংকু সোণাৰৰো মৃত্যু হয় অগ্নিকাণ্ডত। অগ্নিকাণ্ডত নিহত হয় ঘৰৰ কাম কৰা নুনু নামৰ লোকজনো। চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ।
ঘটনাত শোকপ্ৰকাশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। নিহত পৰিয়াললৈ ৪ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা।