'মন কৰিলে চন' -আপ্ত বাক্যশাৰীৰ সাৰমৰ্ম বুজি উঠা সকলেহে জীৱন যুঁজৰ হেজাৰ প্ৰাচীৰ নেওচি হ'লেও ব্যতিক্ৰমী কাৰ্য সিদ্ধিৰ জৰিয়তে সমাজত নজিৰ সৃষ্টি কৰিবলৈ সক্ষম হয়। কঠোৰ অধ্যৱসায়, একানপটীয়া প্ৰচেষ্টা আৰু অধিক মানসিক দৃঢ়তাৰ বাবে পুনৰ ডিব্ৰুগড়ৰ এজন ১২ বছৰীয়া কিশোৰ তথা সপ্তম শ্ৰেণীৰ ছাত্ৰই ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে।
ডিব্ৰুগড় বৈৰাগীমঠ নতুন গাঁৱৰ তথা ডনবক্স স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ হিমানীশ বৰুৱাই "হাই নি জাম্পৰ" (high knee jumps) জৰিয়তে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয়। বৈৰাগীমঠ নতুন গাঁৱৰ টংকেশ্বৰ বৰুৱা আৰু দিপাঞ্জলী বৰুৱাৰ একমাত্ৰ সন্তান হিমানীশে মাত্ৰ ৩০ ছেকেণ্ডত ১০৪ বাৰ 'হাই নি জাম্প'ৰ জৰিয়তে পূৰ্বৰ ৰেকৰ্ড ভংগ কৰি নিজৰ নাম খোদিত কৰে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত।উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে গুজৰাটৰ পেটেল পিন্স সুৰেশ ভাইয়ে ৩০ ছেকেণ্ডত ১০১ বাৰ "হাই নি জাম্প" কৰি ইণ্ডিয়া বুকত স্থান দখল কৰিছিল।ডিব্ৰুগড়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ জনে গুজৰাটৰ যুৱকজনৰ অভিলেখ ভংগ কৰি ৩০ ছেকেণ্ডত ১০৪ বাৰ হাই নি জাম্প মাৰি অভিলেখ ৰচে। ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ কতৃপক্ষৰ পৰা হিমানীশক এখন প্ৰমাণ পত্ৰ,এখন পৰিচয় পত্ৰ,এখন কিতাপ, এটা লগ’,এটা মেডেল,এটা বেজ আৰু এটা কলম প্ৰদানেৰে স্বীকৃতি দিয়ে।ডিব্ৰুগড়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ জনৰ ছাত্ৰৰ জনে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত স্থান দখল কৰি গৌৰৱ কঢ়িয়াই অনাত পিতৃ মাতৃ, বিদ্যালয় কতৃপক্ষ আৰু স্থানীয় ৰাইজ উৎফুল্লিত হৈ পৰিছে।
দীঘলীয়া লকডাউনৰ সময়ত একাংশ ছাত্র ছাত্ৰী মোবাইল বা অন্যান্য চচিয়েল মিডিয়াত ব্যস্ত থকাৰ মাজতে আন একাংশই নিজৰ অধ্যৱসায়ৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হৈ আনৰ বাবেও আদৰ্শ দেখুৱাবলৈ সক্ষম হৈছে ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|