হৃদয় বিদাৰক! একেলগে জ্বলিল ৫ খনকৈ চিতা, ডিব্ৰুগড়ৰ ভগামূৰৰ ঘটনাই কন্দুৱাইছে সকলোকে

ডিব্ৰুগড়ৰ মৰ্মান্তিক দুৰ্ঘটনাই কন্দুৱাইছে সকলোকে।
ডিব্ৰুগড়ৰ মৰ্মান্তিক দুৰ্ঘটনাই কন্দুৱাইছে সকলোকে।
- News18 Assam
- Last Updated: November 27, 2020, 9:55 AM IST

ডিব্ৰুগড়ৰ ভগামূৰৰ প্ৰাঞ্জল ভূঞাৰ বিবাহ উপলক্ষে দৰা-কইনাক যুগ্মজীৱনৰ আৰ্শীবাদ দি বিবাহ সম্পূৰ্ণ কৰি কইনা লৈ উভতি আহোতেই সংঘটিত হৈছিল পথ দুৰ্ঘটনাটো। ধেমাজি জিলাৰ চিচিবৰগাঁৱৰ ধুনাগুৰি কলিতা গাঁৱৰ পৰা ডিব্ৰুগড় জিলাৰ কুটুহা ভগামুৰলৈ কইনা আনি থকা সময়তে লেপেটকটাত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ‘AS-06-R-8647’ নম্বৰৰ ব'লেৰ’ খনে ‘NL-02-L-7152’ নম্বৰৰ ট্ৰেইলাৰ খনত পিছফালৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মৰাত ব'লেৰ’ত থকা মুঠ ৮ জন যাত্ৰীৰ ভিতৰত চালক সহ পাঁচজন থিতাতে নিহত হৈছিল। নিহত সকলৰ ভিতৰ আছিল হেম বৰা, প্ৰাক্তন শিক্ষক মদন বৰা, জীৱক শইকীয়া, কনপাই ভূঞা আৰু দেৱ বৰা। আনহাতে, লেজাই আশাপূৰ গাঁৱৰ চালক প্ৰকাশ জ্যোতি দাস।