অমিতাভ বচ্চনৰ পৰা ঐশ্বৰ্য ৰায়লৈকে, কাৰ সান্নিধ্যলৈ অহা নাই তেওঁ! পিছে এতিয়া বিচনাখনেই লগৰি হৈ পৰিছে ‘W’ দাৰ

News18 Assam | News18-Assam
Updated:June 5, 2020, 12:35 PM IST
অমিতাভ বচ্চনৰ পৰা ঐশ্বৰ্য ৰায়লৈকে, কাৰ সান্নিধ্যলৈ অহা নাই তেওঁ! পিছে এতিয়া বিচনাখনেই লগৰি হৈ পৰিছে ‘W’ দাৰ
সত্তৰ-আশী দশকৰ ডিব্ৰুগড়ৰ এগৰাকী চুটি চাপৰ জনপ্ৰিয় ব্যক্তি। ডিঙিত এটা কেমেৰালৈ ফুৰা ষ্টাইলিছ ব্যক্তি জনক ল’ৰাৰ পৰা বুঢ়ালৈকে সকলোৱেই চিনি পায় "W দা"বুলি।

সত্তৰ-আশী দশকৰ ডিব্ৰুগড়ৰ এগৰাকী চুটি চাপৰ জনপ্ৰিয় ব্যক্তি। ডিঙিত এটা কেমেৰালৈ ফুৰা ষ্টাইলিছ ব্যক্তি জনক ল’ৰাৰ পৰা বুঢ়ালৈকে সকলোৱেই চিনি পায় "W দা"বুলি।

  • Share this:
সত্তৰ-আশী দশকৰ ডিব্ৰুগড়ৰ এগৰাকী চুটি চাপৰ জনপ্ৰিয় ব্যক্তি। ডিঙিত এটা কেমেৰালৈ ফুৰা ষ্টাইলিছ ব্যক্তি জনক ল’ৰাৰ পৰা বুঢ়ালৈকে সকলোৱেই চিনি পায় "W দা"বুলি। যদিও তেওঁৰ প্ৰকৃত নাম হৰিবিনোদ বাৰ্মা। সকলোৰে প্রিয় আৰু আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী তেওঁ। চহৰৰ ঝালোকপাৰাত থকা এটা ফটো ষ্টুডিঅ’ৰগৰাকী তেওঁ।ষ্টুডিয়াটোৰ নাম "W ষ্টুডিঅ’।

১৯৬৯ চনতেই স্থাপন কৰা এই ষ্টুডিঅ’টোৰ নামেৰেই তেওঁ জনপ্ৰিয় হৈ পৰিল ‘W’দা ৰূপে।নিজ ষ্টুডিঅ’ৰ সন্মুখত সদায় ষ্টাইলত ৰৈ থকা W দাক কোনেও এবাৰ ঘূৰি নোচোৱাকৈ নাযায়।কাৰণ, তেওঁ ডিব্ৰুগড়ৰ এক পৰিচয়।

ভাৰত ৰত্ন মাদাৰ টেৰেছা, লাতা মংগেশকাৰ, ভূপেন হাজৰিকা, বিখ্যাত ৰাজনীতিবিদ জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী, শংকৰ দয়াল শৰ্মা, এল কে আডৱানী, মনমোহন সিং, ভেংকাইয়া নাইডু, হিতেশ্বৰ শইকীয়া, প্ৰফুল্ল মহন্ত,তৰুণ গগৈ, প্ৰখ্যাত গায়ক কিশোৰ কুমাৰ, মহম্মদ ৰফি, মহেন্দ্ৰ কাপুৰ, জয়ন্ত হাজৰিকা, অভিনেতা দেৱ আনন্দ, অমিতাভ বচ্চন, ঐশ্বৰ্য ৰায়, ৰিচি কাপোৰ, আচৰাণী, হেমা মালিনী কাৰ সান্নিধ্যলৈ অহা নাই তেওঁ, কাৰ ফটো তোলা নাই তেওঁ!

সত্তৰৰ পৰা নব্বৈ দশকলৈকে ডিব্ৰুগৰলৈ অহা এনে এগৰাকী বিখ্যাত লোক নাছিল যি জনক কেমেৰাত আবদ্ধ কৰা নাছিল এই চুটি চাপৰ ষ্টাইলিছ ফটো গ্ৰাফাৰ গৰাকীয়ে।এৱেই আছিল উত্তৰ পূৰ্বাঞ্চলৰ ফটো গ্ৰাফিত ডিপ্লোমা লোৱা প্ৰথম গৰাকী ব্যক্তি। ক’বলৈ গলে তেখেত আছিল ডিব্ৰুগড়ৰ ফটো গ্ৰফীৰ এটা ব্ৰেণ্ড W ।কেৱল ফটোগ্ৰাফীয়েই নহয় তেখেত আছিল এগৰাকী অভিনেতাও।

বৃষ্টি, আজলী নবৌ, সোণমইনা, মধুচন্দ্ৰা, ৰতনলাল আদি বোলছবিত  W দাই কৰিছে সুন্দৰ অভিনয়। ইয়াৰ উপৰিও তেখেতে হিন্দী চেণ্টিনেল আৰু পূৰ্বাঞ্চল প্ৰহৰীৰ দৰে আগশাৰীৰ বাতৰি কাকতৰ স্থানীয় সাংবাদিক ৰূপেও সেৱা আগবঢ়াই আহিছে। এইগৰাকী প্ৰখ্যাত ফটোগ্ৰাফাৰ,অভিনেতা তথা সাংবাদিক আজি ৰোগাক্ৰান্ত।

মধুমেহ, হৃদৰোগ, কিডনী, ডিমেনচিয়া আদি কেইবাটাও গুৰুতৰ ৰোগত আক্ৰান্ত ডিব্ৰুগড়ৰ এইগৰাকী জনপ্ৰিয় ব্যক্তি। ৰোগে জৰ্জৰিত কৰা ব্যক্তি গৰাকীৰ ইতিমধ্যে ভৰিৰ দুটা আঙুলি কাটি পেলাব লগীয়া হৈছে। যোৱা আঠটা মাহে তেওঁ কেৱল বিচনাখনকে লগৰি কৰিবলগীয়া হৈছে।ভালদৰে চিকিৎসা কৰিবলৈ তেওঁৰ অৰ্থৰ অভাৱ। স্মৃতিশক্তি হৈছে বিলুপ্ত। পূৰ্বৰ বহু কথা পাহৰি গৈছে যদিও তেওঁ পাহৰা নাই বোলছবিত অভিনয় কৰা কথা। তেওঁৰ সহ অভিনেতা সকলৰ কথা

চৰম আৰ্থিক সংকটতে জুৰুলা কৰা এইগৰাকী জনপ্ৰিয় ফটোগ্ৰাফাৰ, শিল্পী তথা সাংবাদিকে কিন্তু আজিলৈকে চৰকাৰৰ পৰা একোৱেই নেপালে।কি শিল্পী পেঞ্চন, কি সাংবাদিক পেঞ্চন , কি চৰকাৰী আৰ্থিক সাহাৰ্য একোৰেই মুখ নেদেখিলে এইগৰাকী শিল্পী সাংবাদিকে।
First published: June 5, 2020, 12:35 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading