দুই ভাতৃৰ ভিতৰত কাৰ হ'ব ভাগ্য উদয়? অগপৰ পোনাকণ নে বিজেপিৰ ঋতুপৰ্ণ? ডিব্ৰুগড়ত চৰ্চা

News18 Assam | News18-Assam
Updated:March 3, 2021, 11:40 PM IST
দুই ভাতৃৰ ভিতৰত কাৰ হ'ব ভাগ্য উদয়? অগপৰ পোনাকণ নে বিজেপিৰ ঋতুপৰ্ণ? ডিব্ৰুগড়ত চৰ্চা
কি হ'ব বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ ভাগ্য? দুই দলৰ মাজত আৰু দুই ভাতৃৰ প্ৰাৰ্থীত্ব দাবীয়ে ডিব্ৰুগড়ত অংকত লগাইছে আউল।

কি হ'ব বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ ভাগ্য? দুই দলৰ মাজত আৰু দুই ভাতৃৰ প্ৰাৰ্থীত্ব দাবীয়ে ডিব্ৰুগড়ত অংকত লগাইছে আউল।

  • Share this:
দুই সহোদৰকলৈ ডিব্ৰুগড় জিলাত বিজেপি আৰু অগপৰ নিৰ্বাচনী অংকত লগিছে আউল। ডিব্ৰুগড় জিলাৰ সাতটা বিধানসভা সমষ্টিৰ ছটা বৰ্তমান বিজেপি দখলত থকাৰ বিপৰীতে এটা সমষ্টি আছে অগপৰ দখলত।এইবাৰো বিজেপিয়ে ছটা আৰু অগপই এটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব। কিন্তু অগপক কোনটো সমষ্টিৰ সেই লৈ মিলা নাই দুয়োটা দলৰ অংক।

মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালৰ গৃহ সমষ্টি চাবুৱা বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক বিনােদ হাজৰিকাৰ দখলত থকাৰ পিছতাে লাহােৱাল সমষ্টিৰ বিধায়ক ঋতুপর্ণ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ তথা অসম গণ পৰিষদৰ কেন্দ্রীয় সাধাৰণ সম্পাদক পােনাকণ বৰুৱাই দলৰ ভেটি টনকিয়াল কৰি চাবুৱা সমষ্টিটোৰ মিত্ৰজোঁটৰ পৰা টিকট বিচাৰিছে। পােনাকণ বৰুৱাই মিত্রজোঁটৰ প্রার্থিত্ব লাভৰ বাবে তৃণমূল পর্যায়ত সাংগঠনিক দিশ টনকিয়াল কৰি শক্তিশালী হৈ পৰাৰ লগতে ইতিমধ্যে কেইবাখনাে বিশাল সভা আয়োজন কৰিছে।

যদি পোনাকণ বৰুৱাই টিকট লাভ কৰে তেন্তে অগপৰ দখলত থকা নাহৰকটীয়া সমষ্টিতো নৰেন সোণোৱালে এৰি দিব লাগিব বিজেপিক। সেইদৰে চাবুৱাত পোনাকণ বৰুৱাই টিকট লাভ কৰিলে ভাতৃ ঋতুপৰ্ণ বৰুৱাই লাহোৱালত বিজেপিৰ টিকট লাভ কৰাৰ ক্ষেত্ৰত জটিলতা লাভ কৰিব বুলি আশংকা কৰা হৈছে।
Published by: Himangshu Bhuyan
First published: March 3, 2021, 11:40 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি