
APSCক কলংকিত কৰি নিলম্বিত হোৱা অধ্যক্ষ ৰাকেশ পালৰ বিৰুদ্ধে বৃহস্পতিবাৰে নৱমখন চাৰ্জশ্বীট দাখিল কৰিলে ডিব্ৰুগড় আৰক্ষীয়ে।
APSCক কলংকিত কৰি নিলম্বিত হোৱা অধ্যক্ষ ৰাকেশ পালৰ বিৰুদ্ধে বৃহস্পতিবাৰে নৱমখন চাৰ্জশ্বীট দাখিল কৰিলে ডিব্ৰুগড় আৰক্ষীয়ে।
এপিএছচিক চাকৰি ক্ৰয়ৰ বজাৰলৈ ৰূপান্তৰিত কৰি জেলৰ ভাত খাই থকা কলংকিত অধ্যক্ষ ৰাকেশ পাল সহ পাঁচ গৰাকী অভিযুক্তৰ বিৰুদ্ধে বৃহস্পতিবাৰে নৱমখন চাৰ্জশ্বীট দাখিল কৰিলে গোচৰৰ তদন্তকাৰী ডিব্ৰুগড় আৰক্ষীয়ে। ৰাকেশ পালৰ লগতে পাল বাহিনীক মেনেজ কৰি ধনৰ বিনিময়ত চাকৰি লোৱা ৰাজপত্ৰিত বিষয়া ক্ৰমে কুনাল দাস, পল্লবী শৰ্মা চৌধুৰী, সুনয়না আইদেউ, বিকাশ কুমাৰ পিন্সৰ বিৰুদ্ধে বিশেষ আদালতত দাখিল কৰা হয় চাৰ্জশ্বীট। ইয়াৰ লগে লগে নিয়ুক্তি কেলেংকাৰীৰ তদন্ত প্ৰায় অন্তিম পৰ্যায়ত উপনীত হৈছে ডিব্ৰুগড় আৰক্ষী।
Published by:Dulu Medhi
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|