
News18 ডিজিটেলত সবিস্তাৰে প্ৰকাশ পাইছিল জানমণিৰ জীৱন সংগ্ৰামৰ বাতৰি
News18 ডিজিটেলত সবিস্তাৰে প্ৰকাশ পাইছিল জানমণিৰ জীৱন সংগ্ৰামৰ বাতৰি
ডিব্ৰুগড়ৰ জানমণি, জানমণিক হয়টো এতিয়া চিনি নোপোৱা কোনো নোলাব! প্ৰতিদিনাই ঘৰে ঘৰে পাচলি বিক্ৰী কৰি নিজৰ পৰিয়ালটোৰ দায়িত্ব কান্ধ পাতি লোৱা জানমণিলৈ এতিয়া সহায়ৰ হাত আগবঢ়াইছে ডিব্ৰুগড় আৰক্ষীয়ে।।
ল'ক ডাউনৰ সময়ছোৱাতো জানমণি নামৰ সাহসী কিশোৰীগৰাকীয়ে চৰকাৰ তথা প্ৰশাসনে বান্ধি দিয়া নিয়ম অনুসাৰি ৰুগীয়া পিতৃৰ চিকিৎসাৰ উপৰিও দুখীয়া পৰিয়ালটোক পোহ-পাল দিয়াৰ স্বাৰ্থত এখন চাইকেলত কেচা পাচলি কঢ়িয়াই ঘৰে ঘৰে বিক্রী কৰি ফুৰিছিল। পিছত জানমণিৰ জীৱন সংগ্ৰামৰ জীয়া ছবি ভাইৰেল হৈ পৰিছিল ছচিয়েল মিডিয়াত। জানমণিৰ সংগ্ৰাম দেখি চকু সেমেকি উঠিছিল বহুতৰ। এতিয়া জানমণিৰ কষ্ট কিছু পাতল কৰাৰ উদ্দেশ্যে ডিব্ৰুগড় আৰক্ষীয়ে জানমণিলৈ আগবঢ়াইছে TVS_XL_100 বাহন।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|