ডিব্ৰুগড়ত ধন দাবী কৰি আৰক্ষীৰ জালত পৰিল জাতীয় সংগঠনৰ তিনিগৰাকী সদস্য

দীপাৱলীৰ আনন্দ উছাহৰ মাজতে ডিব্ৰুগড়ত শনিবাৰে ধন দাবী কৰি আৰক্ষীৰ জালত পৰিল অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ তিনিগৰাকী সদস্য।
দীপাৱলীৰ আনন্দ উছাহৰ মাজতে ডিব্ৰুগড়ত শনিবাৰে ধন দাবী কৰি আৰক্ষীৰ জালত পৰিল অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ তিনিগৰাকী সদস্য।
- News18 Assam
- Last Updated: November 14, 2020, 3:25 PM IST
জাতীয় সংগঠনৰ তিনিওগৰাকী সদস্যকে ডিব্ৰুগড় সদৰ থানাত ১৯৯৬/২০ নম্বৰ গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ৪৪৮,৩৮৪,৩৪ ধাৰাৰ অধীনত কাৰাগাৰলৈ প্ৰেৰণ কৰে।
জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাই এই সন্দৰ্ভত জনোৱা মতে, প্ৰথমে ১০ হাজাৰ টকা বিচাৰিছিল ব্যৱসায়িক প্ৰতিষ্ঠান খনত। স্বত্বাধিকাৰী জনে সৌজন্যতাৰ খাতিৰত চাৰি হেজাৰ টকা দিছিল যদিও মান্তি হোৱা নাছিল সদস্য কেইজন।