• Home
  • »
  • News
  • »
  • assam
  • »
  • ডিব্ৰুগড়ত নৃশংস হত্যাকাণ্ড, এগৰাকী যুৱতীক হত্যা কৰি পেলাই থৈ গ’ল বাগিচাৰ নলাত

ডিব্ৰুগড়ত নৃশংস হত্যাকাণ্ড, এগৰাকী যুৱতীক হত্যা কৰি পেলাই থৈ গ’ল বাগিচাৰ নলাত

Source-Google

Source-Google

যুৱতীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা হ’ল বুলি সন্দেহ কৰিছে স্থানীয় লোকে

  • Share this:
    ডিব্ৰুগড় জিলাৰ বৰবৰুৱাত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড। এগৰাকী যুৱতীক হত্যা কৰি পেলাই থৈ গ’ল বাগিচাৰ নলা মাজত। বৰবৰুৱা বাগিচাৰ নলাৰ মাজত উদ্ধাৰ কৰা হৈছে যুৱতীগৰাকীৰ মৃতদেহ। পুৱা প্ৰায় ৬ বজাত নিজ গৃহৰ পৰা কামলৈ বুলি ওলাই গৈছিল যুৱতীগৰাকী। পিছত দিনৰ ১১ বজাত বাগিচাৰ শ্ৰমিকে ডিঙিত কাপোৰেৰে বন্ধা অৱস্থাত যুৱতীগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। যুৱতীগৰাকীক ধৰ্ষণৰ পিছতে দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে একাংশ লোকে। সমগ্ৰ ঘটনাটোক কেন্দ্ৰ কৰি এতিয়া অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।
    First published: